অস্কাৰত এইবাৰ দুখন হিন্দী ছবি ! কেনেকৈ সম্ভৱ...

ভাৰতে প্ৰেৰণ কৰিছে 'লাপাতা লেডীজ', অস্কাৰ তালিকাত আছে আন এখন হিন্দী ছবি 'সন্তোষ'
অস্কাৰত এইবাৰ দুখন হিন্দী ছবি ! কেনেকৈ সম্ভৱ...
অস্কাৰত এইবাৰ দুখন হিন্দী ছবি ! কেনেকৈ সম্ভৱ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৫ মাৰ্চ ২০২৫ ত অনুষ্ঠিত হ'ব ৯৭ সংখ্যক একাডেমী এৱাৰ্ড অনুষ্ঠান। ইতিমধ্যে অস্কাৰ-২০২৫ ৰ বাবে আনুষ্ঠানিকভাৱে চিনেমাসমূহ প্ৰেৰণ কৰা হৈছে।

ভাৰতৰ পৰা এইবাৰ চৰকাৰী ভাৱে অস্কাৰলৈ মনোনীত হৈছে 'লাপাতা লেডীজ' শীৰ্ষক ছবিখন। কিৰণ ৰাওৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এই চিনেমাখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ইতিমধ্যে এই খবৰ সকলোৱে লাভ কৰিছে। যিহেতু ভাৰততেই হিন্দী ভাষাৰ ছবি নিৰ্মাণ হয় সেয়ে অস্কাৰত স্বাভাৱিকতে এখনেই হিন্দী ভাষাৰ ছবিয়ে চৰকাৰীভাৱে মনোনীত হয়। কিন্তু এইবাৰ অস্কাৰত দেখা যাব দুখন হিন্দী ছবি। কিন্তু প্ৰশ্ন হ’ল এই দ্বিতীয়খন হিন্দী ছবি অস্কাৰলৈ গ’ল কেনেকৈ?

আমেৰিকাৰ বাহিৰে বাকী সকলো দেশেই চৰকাৰীভাৱে মাত্ৰ এখন ছবিহে অস্কাৰলৈ প্ৰেৰণ কৰিব পাৰে। জাহ্নু বৰুৱাৰ অধ্যক্ষতাত ফিল্ম ফেডাৰেচন অফ ইণ্ডিয়াই এইবাৰ কিৰণ ৰাওৰ বহু চৰ্চিত আৰু জনপ্ৰিয় 'লাপাতা লেডীজ' শীৰ্ষক হিন্দী ছবিখন অস্কাৰলৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে অস্কাৰ কমিটীয়ে তেওঁলোকৰ প্ৰতিযোগিতাত যোগ দিয়া ছবিৰ তালিকা ঘোষণা কৰিছে। এই তালিকাই এতিয়া বহুতৰে চকু কপালত তুলিছে।

কিয়নো এই প্ৰতিযোগিতাত আছে দুখনকৈ হিন্দী চিনেমা। 'লাপাতা লেডীজ'ৰ উপৰিও এই তালিকাত আছে 'সন্তোষ' নামৰ আন এখন হিন্দী ভাষাৰ চিনেমা। কিন্তু এয়া কেনেকৈ সম্ভৱ?

সকলো প্ৰশ্নৰ উত্তৰ পোৱা গৈছে অস্কাৰৰ এই তালিকাতেই। দৰাচলতে 'সন্তোষ' নামৰ এই হিন্দী চিনেমাখন ভাৰতত নিৰ্মাণ হোৱাই নাই। এই চিনেমাখন অস্কাৰলৈ গৈছে ব্ৰিটেইনৰ পৰা।

ব্ৰিটিছ একাডেমীয়ে এই ছবিখন অস্কাৰলৈ প্ৰেৰণ কৰিছে। চিনেমাখনৰ পৰিচালক ইংলেণ্ডৰ নাগৰিক সন্ধ্যা ছুৰি। ইংলেণ্ডত জন্মগ্ৰহণ কৰা সন্ধ্যা ছুৰীয়ে নিৰ্মাণ কৰিছে ক্ৰাইম থিলাৰ 'সন্তোষ'।

এই চিনেমাখনৰ মূখ্য ভূমিকাত অভিনয় কৰিছে ভাৰতীয় অভিনেত্ৰী ছাহানা গোস্বামীয়ে। এই ক্ৰাইম থিলাৰখনে অস্কাৰৰ দৌৰত নমাৰ পাছতে চৰ্চাৰ শীৰ্ষলৈ আহিছে। বিভিন্ন জনে চিনেমাখনৰ বাবে পৰিচালককে ধৰি ইয়াৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জনাইছে।

অস্কাৰত এইবাৰ দুখন হিন্দী ছবি ! কেনেকৈ সম্ভৱ...
কাজলগাঁৱত এক কোটি টকীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in