/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2fc42d0d-4f48-4f47-814b-9fbb2a3d6568/koliabor_29.jpg)
কলিয়াবৰত বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন...
ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰত পুৱাই অঘটন। পথাৰত ঘাঁহ কাতিব যোৱা অৱস্থাতে বনৰীয়া ম'হৰ আক্ৰমণত আহত হৈছে এজন ব্যক্তি। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ ফুলগুৰিত।
এই ঘটনাত আহত লোকজনৰ নাম ক্ষেমৰাজ বাহাদুৰ ছেত্ৰী। উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এই বনৰীয়া ম'হটোৱে আক্ৰমণ কৰিলে ক্ষেমৰাজ বাহাদুৰ ছেত্ৰীক।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Also Read: বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...