/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
বটদ্ৰৱাত ৰে'লৰ চেপাত এজনৰ মৃত্যু...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানাৰ অন্তৰ্গত বালিসত্ৰত ৰে'লৰ চেপাত এজন লোকৰ মৃত্যু। বালিসত্ৰস্থিত বটদ্ৰৱা ৰে'ল ষ্টেচনৰ পৰা পাঁচশ মিটাৰ নিলগত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়।
জানিব পৰা মতে পুৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি ৰে'ল বিভাগৰ লোকক খবৰ দিয়ে। পাছত ৰে'ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
পুৱা মৈৰাবাৰীৰ পৰা -গুৱাহাটীলৈ যোৱা ৰে'লৰ খুন্দাত নিহত লোকজনৰ মৃতদেহটো বাতৰি লিখাৰ সময়লৈকে ৰে'ল লাইনতে আছে। প্ৰায় ৫০ বয়সীয়া ব্যক্তিজন আছিল মানসিকভাৱে অসুস্থ।
তেওঁ যোৱা পাঁচ বছৰ ধৰি এই অঞ্চলতে আছিল। তেওঁক স্থানীয় ৰাইজে এই অঞ্চলতে প্ৰত্যক্ষ কৰি আহিছিল। অৱশ্যে কোনো লোকেই তেওঁৰ নাম নাজানে।
Also Read: 'ৰমজানত বিদ্যুৎ সেৱা ব্যাহত নহয়, জন্মাষ্টমীত বিদ্যুৎ কৰ্তন হয়'- অমিত শ্বাহ