/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/452af6dc-cd5e-4a2a-b8cf-2b6596d5a0cd/amit_da.jpg)
'ৰমজানত বিদ্যুৎ সেৱা ব্যাহত নহয়, জন্মাষ্টমীত বিদ্যুৎ কৰ্তন হয়'- অমিত শ্বাহ
ডিজিটেল ডেস্কঃ ‘’ৰমজান মাহত বিজুলী কৰ্তন কৰা নহয়, কিন্তু জন্মাষ্টমীত বিজুলী নাথাকে।‘’- বিদ্যুৎ সেৱা অব্যাহত থকা বা ব্যাহত হোৱাক লৈয়ো সাম্প্ৰদায়িক চিন্তাৰ উন্মেষ ঘটিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।
উত্তৰ প্ৰদেশত এক নিৰ্বাচনী সভাত গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে সমাজবাদী পাৰ্টিৰ কাৰ্যকালত ৰমাজান মাহত বিদ্যুৎ সেৱা ধাৰাবাহিকভাৱে অব্যাহত থাকে কিন্তু জন্মাষ্টমীত বিদ্যুৎ নাথাকে।
গৃহমন্ত্ৰীগৰাকীয়ে কয়, এই লোকসভা নিৰ্বাচনত জনসাধাৰণৰ মাজত দুটা বিকল্প আছে। এক, যিয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে আৰু দুই যিয়ে ৰাম ভক্তৰ ওপৰত গুলী চলালে।
অমিত শ্বাহে বুধবাৰে মহাৰাজগঞ্জ, দেওৰিয়া, বালিয়া আৰু ৰবাৰ্টছগঞ্জত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰে বালিয়াৰ সভাত তেওঁ দাবী কৰে সমাজবাদী চৰকাৰৰ দিনত মাফিয়াৰ জৰিয়তে ৰাজ্যখনত ৰাইজক হাৰাশাস্তি কৰা হৈছিল। যোগী আদিত্যনাথৰ শাসনত ৰাজ্যখনক অপৰাধীৰ পৰা মুক্ত কৰা হৈছে।
এই সভাতেই তেওঁ পুনৰ কয় যে, ৰমাজানৰ সময়ত বিদ্যুৎ কৰ্তন নকৰাকৈ থাকে কিন্তু জন্মাষ্টমীত বিদ্যুৎ কৰ্তন কৰিছিল। দেওৰিয়াৰ জনসভাত আকৌ তেওঁ কয়, বিৰোধীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত বাধা প্ৰদানৰ চেষ্টা কৰিছিল।
তেওঁ দাবী কৰে এই নিৰ্বাচন মন্দিৰ নিৰ্মাণ কৰাসকলৰ আৰু ৰাম ভক্তৰ ওপৰত গুলী চালনা কৰাসকলৰ মাজৰ নিৰ্বাচন। উল্লেখ্য যে, অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। ১ জুনত অনুষ্ঠিত হ'ব সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ৪ জুনত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল।
Also Read: ভৰিৰ জোতা, চেণ্ডেল ল'বলগীয়া হৈছে হাততঃ জাগীৰোড সমষ্টিত উন্নয়নৰ নগ্ন স্বৰূপ