বটদ্ৰৱা ষ্টেচনৰ সমীপত ৰে'লৰ খুন্দাত নিহত এজন

বটদ্ৰৱা ষ্টেচনৰ সমীপত ৰে'লৰ খুন্দাত নিহত এজন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা ষ্টেচনৰ সমীপত ৰে'লৰ খুন্দাত নিহত এজন

ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱা থানাৰ অন্তৰ্গত বালিসত্ৰত ৰে'লৰ চেপাত এজন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে পুৱা বটদ্ৰৱা ৰে'ল ষ্টেচনৰ পৰা ৫০০ মিটাৰ নিলগত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়।

Advertisment

পুৱা স্থানীয় ৰাইজে উক্ত ঘটনা সন্দৰ্ভত ৰে'ল বিভাগৰ লোকক খবৰ দিয়ে। ইয়াৰ পাছতে ৰে'ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে পুৱা মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ যোৱা ৰে'লৰ খুন্দাত লোকজনৰ মৃত্যু হয়। মৃতদেহটো বৰ্তমানেও ৰে'ল লাইনতে আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি প্ৰায় ৫০ বয়সীয়া ব্যক্তিজন মানসিকভাৱে অসুস্থ।

Also Read: হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...

batadraba