কচুৱাত কুঁৱা চাফা কৰিবলৈ গৈ এজনৰ সলিল সমাধি...

স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে আন দুজনক

author-image
Asomiya Pratidin
New Update
কচুৱাত কুঁৱা চাফা কৰিবলৈ গৈ এজনৰ সলিল সমাধি...

কচুৱাত কুঁৱা চাফা কৰিবলৈ গৈ এজনৰ সলিল সমাধি...

ডিজিটেল সংবাদ কচুৱাঃ কচুৱাৰ আজাৰ তলিত আজি সংঘটিত হয় এক অঘটন। কুঁৱা চাফা কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু হয়। জানিব পৰা মতে মৃত ব্যক্তিজনৰ নাম নবিৰ হুছেইন।

Advertisment

উল্লেখ্য যে, আজি পুৱাৰ ভাগত নবিৰ হুছেইনসহ তিনি জন শ্ৰমিকে আব্দুল জলিল নামৰ লোকজনৰ ঘৰত কুঁৱা চাফা কৰিব আহিছিল। তিনিও জন শ্ৰমিকে কুঁৱা চাফা কৰিব গৈ কুৱাৰ পানীত ডুব যায়।

অৱশ্যে স্থানীয় লোকে দুই শ্ৰমিক ক্ৰমে ইন্নছ আলী আৰু আন এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই দুয়োজন বৰ্তমান চিকিৎসাধীন হৈ আছে। আনহাতে আন এজন শ্ৰমিক আব্দুল জলিলক উদ্ধাৰ কৰিব নোৱাৰাত পৰৱৰ্তী সময়ত আৰক্ষী আৰু উদ্ধাৰকাৰী উপস্থিত হৈ উদ্ধাৰ কৰে যদিও তেওঁৰ মৃত্যু হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Also Read: জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশেৰে গাঁঠিৰ ধন ভাঙি পথৰ উন্নয়নত নামিল ৰাইজ

কচুৱা