/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2087e5e5-a74a-44e7-a5a4-39e777a8127c/rasta 9.jpg)
জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশেৰে গাঁঠিৰ ধন ভাঙি পথৰ উন্নয়নত নামিল ৰাইজ
ডিজিটেল সংবাদ উৰিয়া গাঁওঃনগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজ পোটনী গেৰেকী পথটোৰ শোচনীয় অৱস্থাই দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজক যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে।বাৰিষা বতৰত পথচোৱা বৰ্তমান বোকা, পানীৰে ভৰি পৰাত পথচোৱাত মটৰ চাইকেল, চাৰিচকীয়া বাহন চলাচল কৰাটো বাদেই বৰ্তমান পথছোৱাত ৰাইজে খোজ কাঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।
চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলে পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত কৰি অহা অৱহেলা, বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে আজি স্থানীয় ৰাইজ সোচ্চাৰ হৈ পৰিল।ইয়াৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই স্থানীয় ৰাইজে হাতে হাতে কোৰ, পাছি লৈ বাৰিষা বতৰতে উক্ত পথছোৱাত মাটি, চেণ্ড গেভেল,ৰাবিছ পেলাই পথচোৱাৰ উন্নয়নত নামি পৰিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a080f701-7a69-400c-908f-08ab5992f2d6/a9c8f7d1-870e-430b-ae55-ab5022c85de9.jpg)
অভিযোগ অনুসৰি স্থানীয় ৰাইজে পথছোৱা উন্নয়ন কৰিবৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰি আহিছিল যদিও পথচোৱা উন্নয়ন ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰিলে।ফলত প্রতিবাৰেই বাৰিষা বতৰত ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগিবলগীয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0d79a874-ab6f-459d-8ca6-065e580249d5/69463490-56c9-4f4b-b13a-68991449f8ba.jpg)
পথছোৱা উন্নয়নৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিসকলে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে মাজ পোতনী অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰে। আজি পুৱা ভাগতেই নিজৰ গাঁঠিৰ ধন খৰছ কৰি ৰাইজে পথছোৱা মেৰামতি কৰি লয়। যদি অনাগত সময়ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ, জনপ্ৰতিনিধিয়ে একো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/780b2d22-7e5b-4708-ab27-89bec3723f77/6d31d7c1-5812-40c5-a640-0340aa9f24d1.jpg)
Also Read: বিশ্বনাথৰ ভাড়াঘৰত উদ্ধাৰ বিহালীৰ ছাত্ৰৰ নিথৰ দেহ...