লংকাত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম পীযুষ মজুমদাৰ।
লংকাৰ ৫ নং ৱাৰ্ডৰ সমীপৰ উৰণীয়া সেঁতুৰ সমীপৰ পৰা আটক সৰবৰাহকাৰীটোক।
এক গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষী থানাৰ উপপৰিদৰ্শক প্ৰাণজিৎ শইকীয়া আৰু নিকু বৰাই চলাইছিল অভিযান।
ড্ৰাগছ সৰবৰাহকাৰীটোৰ কবলৰ পৰা এটা টেমাত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।
সৰবৰাহকাৰীটোৰ ঘৰ লামডিংৰ বুলি জানিব পৰা গৈছে।
বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।