লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো...

লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো...

৯জুন। দেওবাৰ আছিল সেইদিনা। মোৰ কলেজ বন্ধ আছিল। হাঁহচ’ৰাৰ বাংমাৰী গাঁৱৰ পথাৰত মই হাল বাবলৈ গৈছিলো। সেইখন পথাৰত প্ৰতিবছৰে শালি ধানৰ খেতি কৰা হয়। -এইদৰে তেঁও আৰম্ভ কৰিছিল সেই দিনটোৰ অভিজ্ঞতাৰ কথা।

বৰ্ণনা দিছিল সেইদিনা পথাৰত দেখা এক দৃশ্যৰ। দেখিছিল তেঁও পথাৰখনৰ এটা কোণত ঘূৰি ফুৰা দুজনী ডাউক চৰাই। তাৰপাছত তেঁওৰ চকুত পৰিছিল সেই পথাৰখনৰ এটা অংশত থকা পাতলীয়া বনৰ ওপৰত ডাউক দুজনীয়ে সজা এটা সৰু বাহত।

খেৰ-কূটা, বনৰ টুকুৰাৰে সাজি লোৱা সেই বাহটোত আছিল ৬টাকৈ কণী। অনুমান কৰিব পাৰিছিল সেইখন ডাউক দুজনীৰে সংসাৰ। পথাৰৰ বাকী অংশত তেঁও হাল বালে, কোৰেৰে পথাৰৰ আলি দিলে। কিন্তু ডাউকৰ বাহ থকা সেই অংশটো তেঁও একো নকৰিলে।

প্ৰায় একঠামান মাটি তেঁও এৰি দিলে ডাউক দুজনীক। স্বতঃস্ফূৰ্তভাৱে তেঁও এই সিদ্ধান্ত ল’লে। কথাখিনি কৈ থকাৰ মাজতে তেঁও ইয়াকো ক’বলৈ নাপাহৰিলে যে ২০/২৫ দিনমান এইখিনি ঠাই ডাউক দুজনীক এৰি দিলে।

এই সময়ৰ ভিতৰতে সিহঁতৰ পোৱালি জগিব, তাৰ পাছত সিহঁতে সেই ঠাই এৰি গুচি যাব। মাজতে এবাৰ হেনো চাইও আহিলে ডাউক দুজনীৰ ঘৰখন। যাঁওতে লৈ গৈছিল হাতত সৰু মাছ কেইটামান। বাহটোৰ ওচৰতে সেই মাছকেইটা তেঁও ছটিয়াই দি থৈ আহিছিল।

খাদ্য বিচাৰি ডাউক দুজনী আঁতৰলৈ গ’লে উমনি দিঁওতে ব্যাঘাত জন্মিব পাৰে ! সেয়েহে এনেদৰে কিছু খাদ্যও তেঁও দুয়োজনী ডাউকক দি আহিলে। তেঁও খেতি কৰে। প্ৰতিবছৰে ধান, শাক-পাচলি, মাহ, সৰিয়হৰ খেতি কৰি আহিছে তেঁও।

চাকৰি এটা তেঁওৰ আছে। তথাপিও খেতিৰ মোহ তেঁও এৰিব নোৱাৰে। ষষ্ঠ শ্ৰেণীত থকাৰ পৰা তেঁও নাঙলৰ মুঠিত ধৰি খেতি কৰি আহিছে। তেঁও পিতৃয়ো আছিল শ্ৰমজীৱী মানৱৰ হকে মাত মতা এজন মানুহ।

মানুহে তেঁওক কমৰেড ষ্টেন বৰুৱা বুলি জানিছিল। এসময়ৰ প্ৰখ্যাত বাঁওপন্থী নেতা আছিল তেঁও। শিৱসাগৰ চাংমাইগাঁৱত তেঁওৰ ঘৰ। ধান খেতি বৰ ভাল হয় তেঁওলোকৰ পথাৰত। জহা, বৰা কি ধানৰ খেতি নকৰে তেঁও।

যোৱা বছৰ তেঁও চৰকাৰক ধানো বেচিছিল। ৩০ কুইণ্টল ধান তেঁওৰ পৰা ক্ৰয় কৰাৰ কথা আছিল যদিও তেঁও ২৫ কুইণ্টল ধানহে বিক্ৰী কৰিলে। সেই অভিজ্ঞতাৰ কথাও তেঁও ক’বলৈ নাপাহৰিলে।

বৰ সুখৰ নহয় তেঁওৰ এই অভিজ্ঞতা। প্ৰথমবাৰ গাড়ী ভাৰা কৰি ধান বিক্ৰী কৰিবলৈ যাঁওতে ধানত আদ্ৰতাৰ পৰিমাণ ১৭ শতাংতকৈ বেছি আছে বুলি ঘূৰাই পঠালে। মাত্ৰ ০.৫ শতাংশ আদ্ৰতা বেছি থকাৰ বাবে ধানখিনি নল’লে।

ঘৰলৈ সেই ধান আনি ৰ’দত শুকুৱাই আকৌ ধান নিব লগা হ’ল। চৰকাৰীভাৱে ধান ক্ৰয়ৰ এই হাৰাশাস্তি ভালদৰে ভোগ কৰিলে তেঁও। সাধাৰণ খেতিয়কৰ কি অৱস্থা হ’ব পাৰে সেই কথা তেঁও কল্পনা কৰিব পাৰিছে নিজৰ অভিজ্ঞতাৰ ভিত্তিত।

দিখৌ নৈৰ পাৰত তেঁওৰ ঘৰ। প্ৰকৃতিৰ সৈতে তেঁওৰ আজন্ম প্ৰেম। প্ৰকৃতিৰ প্ৰতি তেঁওৰ দুৰ্বাৰ মোহ। কৈছিল তেঁও আন এক কাহিনী। নতুন ঘটনা এয়া। বৃহস্পতিবাৰ, ১৩ জুন ২০২৪ৰ পুৱা তেঁও সোমাইছিল নামঘৰত।

ঘৰৰ চৌহদতে মাছৰোকা চৰাইয়ে বাহ লৈছিল। নজৰত আছিল সেই চৰাইৰ বাহটো। কেইবাটাও পোৱালি ইতিমধ্যে জগিছিল মাছৰোকাজনীৰ। অৱশ্যে পোৱালি কেইটা উৰিব পৰা হোৱা নাই। হঠাৎ মাছৰোকা চৰাইজনীৰ বিননিভৰা চিঞৰ তেঁওৰ কাণত পৰিল।

নামঘৰৰ পৰাই তেঁও শিক্ষয়িত্ৰী পত্নীক চিঞৰিলে- হেৰা চোৱাচোন মাছৰোকাজনীয়ে ইমান চিঞৰিছে, কি হৈছে ? পত্নী গ’ল মাছৰোকা চৰাইটোৱে সজা বাহটোৰ কাষলৈ। তেঁওক জনালে পত্নীয়ে মাছৰোকাজনীৰ বাহটোত এটা সাপ সোমাইছে।

নামঘৰত প্ৰাৰ্থনা সামৰি তেঁও ততাতৈয়াকৈ ওলাই আহিল। সিদ্ধান্ত ল’ব পৰা নাই, তেতিয়া তেঁও কি কৰিব। মনত হেনো তেঁওৰ কেইবাটাও কথাই খুন্দা মাৰিছিল। এই সৰু সৰু পোৱালি কেইটা সাপটোৱে নোখোৱাকৈয়ে উভতি যোৱাৰ আশা ক্ষীণ।

খাদ্য শৃংখলৰ কথা তেঁওৰ মনত পৰিছিল। এফালে সাপটোৰ ভোক, আনফালে কণমানি মাছৰোকা কেইটাৰ প্ৰাণ।  শেষত তেঁও সিদ্ধান্ত লৈ পত্নীক ক’লে- ফেনাইলৰ বটলটোকে লৈ আহা। লাগে ভোকত থাকক সাপটো, ৰক্ষা পৰিব অন্ততঃ পোৱালিকেইটাৰ জীৱন। পত্নীয়ে আনি দিয়া ফেনাইলৰ বটলটোৰ পৰা কিছু ফেনাইল বাহটোৰ আশে-পাশে ছতিয়াই দিলে তেঁও।

সাপটোৱে সেই ঠাই এৰিলে। পোৱালি কেইটাৰ প্ৰাণ ৰক্ষা পৰিল। এইবোৰ বাস্তৱিক পৰিঘটনাৰ সন্মুখীন হৈ আহিছে তেঁও। প্ৰকৃতি বিষয়ক এনে ঘটনাবোৰে তেঁওৰ জীৱন সম্বৃদ্ধ। সহজ-সৰলভাৱে মানুহজনে এই কথাবোৰ কৈছিল নিজ মুখে।

আমি এনেবোৰ ঘটনা চকুৰ সন্মুখত দেখি থাকো। প্ৰকৃতিৰ প্ৰতি অতি দায়ৱদ্ধ মানুহজনে ল’ব লগা সঠিক সিদ্ধান্ত মুহূৰ্তৰ ভিতৰতে লৈ পেলায়। উদাহৰণ ডাউক দুজনী, উদাহৰণ মাছৰোকা চৰাইৰ পোৱালি কেইটা আৰু সাপটো।

ডাউক এতিয়া পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰা চৰাই। এটা সময় আছিল – গাঁৱত ডাউকৰ মুক্ত বিচৰণ আছিল।

ইংৰাজীত "White-breasted waterhen" নামে পৰিচিত এই পক্ষীবিধৰ বৈজ্ঞানিক নাম-  "Amaurornis Phoenicurus")। গাঢ় ছাঁই বৰণৰ আৰু মুখ, ডিঙি তথা বুকু অংশ বগা বৰণৰ এই পক্ষীবিধে উৰিব নোৱাৰে। সেয়েহে সহজে চিকাৰ হয় ডাউক চৰাই।

সাধাৰণতে জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত বাহ সাজি পোৱালি দিয়ে ডাউকে। পানী থকা অঞ্চলত গছৰ শুকান ডাল-পাতেৰে সাজে বাহ। এবাৰত ৬-৭ টাকৈ কণী পাৰে পক্ষীবিধে। মতা-মাইকী উভয়ে ওমনি দিয়ে ডাউকে।

মানুহে কিদৰে পৰিৱেশ বিনষ্ট কৰে, মানুহে কেনেকৈ প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই সেইধৰণৰ খবৰবোৰে এতিয়া ভৰি থাকে আমাৰ চৌপাশ। তাৰমাজত ব্যতিক্ৰম এইগৰাকী ব্যক্তি। প্ৰকৃতিৰ প্ৰতি তেঁও হাতে-কামে দায়ৱদ্ধশীল। বুজি পাই যেন তেঁও প্ৰকৃতিৰ ভাষা, বুজি পাইছিল তেঁও সেই অবুজ ডাউক দুজনীৰ মনৰ কথা।

সংবেদনশীল এই মানুহজনৰ দৰে পৃথিৱীৰ যদি প্ৰতিজন মানুহ হয়, তেনে কাৰ সাধ্য প্ৰকৃতি ধ্বংস কৰাৰ ? এয়া সৰু ঘটনা নহয়, নহয় এয়া এটা সৰু খবৰ। সৰু যেন লগা এই সিদ্ধান্তই দিব পাৰে প্ৰকৃতি সংৰক্ষণৰ বাবে এটা বিশ্বজনীন শুভবাৰ্তা।

মানুহজনৰ নাম ড০ সীমান্ত বৰুৱা। বৃত্তিত তেঁও এখন কলেজৰ অধ্যাপক। শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সমাজতত্ব পঢ়াই তেঁও। সেইজন প্ৰকৃতিপ্ৰেমী অধ্যাপকে লোৱা সিদ্ধান্ত এয়া- লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো।

লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো...
ইভিএমত ফাউল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in