/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b6b4eb73-a2b3-45cf-b29b-35495f240e39/nogaon_dacoit.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ সফলতা। দুটাকৈ হস্ত নিৰ্মিত বোমা সহ পিষ্টল উদ্ধাৰ। ৰূপহীহাটৰ কাছখাইতীত অভিযান চলাই দুটাকৈ বোমাৰ সৈতে পিষ্টলসহ আটক কৰে আজিজুৰ ৰহমান নামৰ এজনক। আজিজুৰ ৰহমান নামৰ লোকজনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে এক গোপন সূত্ৰত পম খেদি নিশা কাছখাইতীত অভিযান চলাই উদ্ধাৰ কৰে দুটাকৈ বোমা , এটা পিষ্টল, দুই ৰাউণ্ড গুলী, খুকুৰি । বিভিন্ন অপৰাধজনিত কাণ্ডৰ সৈতে জড়িত আছিল আজিজুৰ ৰহমান। অধিক তথ্যৰ বাবে মাৰথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Also Read: নামভৰ্তিৰ মাচুল ওভতাই নিদিলে চৰকাৰে, আৰ্থিক সংকটত ৩৩৭ খন কলেজ