নামভৰ্তিৰ মাচুল ওভতাই নিদিলে চৰকাৰে, আৰ্থিক সংকটত ৩৩৭ খন কলেজ

নামভৰ্তিৰ মাচুল ওভতাই নিদিলে চৰকাৰে, আৰ্থিক সংকটত ৩৩৭ খন কলেজ

ডিজিটেল ডেস্ক : চৰম আৰ্থিক সংকটৰ দিশে আগুৱাই গৈছে ৰাজ্যৰ ৩৩৭ খন প্ৰাদেশীকৃত মহাবিদ্যালয় । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দৈনন্দিন কাৰ্যক্ৰমণিকা পৰিচালনাৰ বাবে ঠিকাভিত্তিক শিক্ষকক দৰমহা দিয়াৰ বাবেও বহু মহাবিদ্যালয়ত নাই ধন । বিনামূলীয়‍া নামভৰ্তিৰ মাচুল চৰকাৰে ঘূৰাই নিদিয়াৰ পৰিণতিতে মহাবিদ্যালয়সমূহত ভয়ংকৰ আৰ্থিক সংকটে দেখা দিছে । চৰকাৰে ৯ মাহে প্ৰাপ্য ধন আদায় নকৰাৰ বাবে এতিয়া মহাবিদ্যালয়ৰ ভিতৰচ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, ২০২১-২২ বৰ্ষৰে বিনামূলীয়া নামভৰ্তিৰ মাচুল সম্পূৰ্ণৰূপে মহাবিদ্যালয়সমূহক ওভতাই দিয়া নাই চৰকাৰে । তথ্য অনুসৰি, এতিয়াও সেই বৰ্ষৰ বিনামূলীয়া মাচুলৰ ৪০ শতাংশ ধন মহাবিদ্যালয়সমূহে পাবলৈ আছে । এনে সময়ত চলিত বৰ্ষৰো বিনামূলীয়া নামভৰ্তিৰ সমুদায় মাচুল চৰকাৰে প্ৰদান নকৰাত মহাবিদ্যালয়ে মহাবিদ্যালয়ে ব্যাপক অচলাৱস্থাৰ সৃষ্টি হৈছে ।

স্মৰ্তব্য যে, ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ বাবে কৰা ব্যৱস্থা সচাকৈয়ে প্ৰশংসনীয় আছিল । যাৰ ফলত শিক্ষাৰ্থীসকলৰ আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰয়োজনীয় ধনৰ এক বৃহৎ অংশ ৰাহি হৈছিল । আনহাতে মহাবিদ্যালয়সমূহক সেই নামভৰ্তিৰ ধন চৰক‍াৰে যোগান ধৰাৰ কথা আছিল । কিন্তু চৰকাৰে বিগত বৰ্ষৰ ৪০ শতাংশ ধন আৰু চলিত বৰ্ষৰ সমূদায় ধন ৯ মাহে ওভতাই নিদিলে । উল্লেখ্য যে, একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ দ্বাৰাই পৰিচালিত হয় প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহ । তেনেস্থলত এতিয়া বহু অসুবিধাৰ সন্মুখীন হৈছে মহাবিদ্যালয়সমূহ ।

নামভৰ্তিৰ মাচুল ওভতাই নিদিলে চৰকাৰে, আৰ্থিক সংকটত ৩৩৭ খন কলেজ
নিষিদ্ধ পাৱাৰলুমৰ গামোছা,মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহিত কাজিৰঙাৰ শিপিনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in