বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি দুলাল বৰাৰ আহ্বান, এনকাউণ্টাৰ কৰক...

বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি দুলাল বৰাৰ আহ্বান, এনকাউণ্টাৰ কৰক...

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত হাতত জাতীয় পতাকা লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে লোকনিৰ্মাণ বিভাগৰ নগাঁৱৰ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে। লোকনিৰ্মাণ বিভাগৰ নগাঁও পথ সংমণ্ডলৰ যান্ত্ৰিক শাখাৰ দুলাল বৰা নামৰ কৰ্মচাৰী গৰাকীয়ে বুধবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।

নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত হাতত ত্ৰিৰংগা লৈ বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি চৰকাৰী পক্ষৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে শাখা সহায়ক হিচাপে আজি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী গৰাকীয়ে। ১৯৮৭ চনতেই মাষ্টাৰৰোল কৰ্মী হিচাপে যোগদান কৰা কৰ্মচাৰী গৰাকীৰ শাখা সহায়ক হিচাপে পদোন্নতি হৈছিল ১৯৯৫ চনত ।

কিন্তু সুদীৰ্ঘ ৩৬ টাকৈ বছৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী গৰাকীয়ে এতিয়া লাভ নকৰিব পেঞ্চন আৰু অন্যান্য সা-সুবিধা । আজি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী গৰাকীৰ পেঞ্চন আৰু অন্যান্য সা-সুবিধা লাভৰ বাবে নগাঁও কাৰ্যালয়েও ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ যাৱতীয় নথি-পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো উত্তৰ নাহিল ।

সেয়ে অৱসৰৰ পিছৰ দুৰ্বিহ জীৱনৰ আশংকাত ত্ৰস্তমান হৈ পৰা কৰ্মচাৰী গৰাকীয়ে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক জনালে আহ্বান । উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়েও ৩০ বছৰৰ অধিক কাল দেশৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীক পেঞ্চন দিবলৈ ৰায়দান প্ৰদান কৰিছিল । কিন্তু সেই ৰায় আজি দুৰ্ভাগ্যজনকভাৱে প্ৰযোজ্য নহ'ল দুলাল বৰাৰ ক্ষেত্ৰত ।

বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি দুলাল বৰাৰ আহ্বান, এনকাউণ্টাৰ কৰক...
New Parliament Building: ৰাহুল গান্ধীয়ে ক'লে এয়া মোডীৰ ৰাজ অভিষেক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in