/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/828daeb7-db15-4a3c-b65d-cb3f79cb333d/nagaon_28.jpg)
ৰে'ল আলিত আবদ্ধ গৰু পোৱালি উদ্ধাৰ কৰিবলৈ গৈ নিহত বৃদ্ধ...
ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ চকৰিগাঁৱত অঘটন ৷ ৰে'লৰ খুন্দাত নিহত এজন ৷ গৰু পোৱালীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱতিলে এজন বৃদ্ধই ৷ জানিব পৰা মতে নিহত বৃদ্ধজনৰ নাম হৈছে গোপী ৰাম বৰা ৷
পুৱা গোপী ৰাম বৰাই গৰু পথাৰত এৰাল দিবলৈ গৈছিল ৷ ৰে'ল আলি পাৰ হৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়ত এটি গৰু পোৱালী ৰে'ল আলিৰ মাজত আবদ্ধ হৈ পৰে ৷ আবদ্ধ গৰু পোৱালীটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অহা ৰে'লে প্ৰচণ্ড জোৰত খুন্দা মাৰে গোপী ৰাম বৰাক ৷
ফলত ৰে'লৰ খুন্দাত চিটিকি পৰে ব্যক্তিজন ৷ ৰে'লৰ খুন্দাত বৰাৰ ঘটনাস্হলিতে মৃত্যু হয় ৷ নিহত গোপী ৰাম বৰাৰ ঘৰ চকৰিগাঁৱতে ৷ কাজিৰঙা এক্সপ্ৰেছৰ খুন্দাতে শোঁকাবহ ঘটনাটো সংঘটিত হয় ৷
Also Read: এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...