/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5a2a1bb3-7c15-4a04-9fb4-40b84c418027/2.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ দেওবাৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, সাংবাদিক সৰ্বোপৰি চিন্তাশীল কথাশিল্পী হোমেন বৰগোহাঞিৰ তৃতীয় মৃত্যুবাৰ্ষিকী তিথি। তেওঁৰ তৃতীয় মৃত্যুবাৰ্ষিকীত পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত অনুষ্ঠিত স্মৃতিসভাৰ লগত সংগতি ৰাখি "হোমেন বৰগোহাঞিৰ জীৱন আৰু সাহিত্যত নিৰ্ভীকতা" শীৰ্ষক আলোচনা সত্ৰৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bb7b9208-a98f-4d87-91da-ef461ce92294/f3bfe3f0_1c57_4c5e_9af7_4029e4be4fb1.jpg)
"জীৱনক জানিবলৈ ,জীৱনৰ পৰা শিকিবলৈ প্ৰত্যেকেই হোমেন বৰগোহাঞিৰ গ্ৰন্থৰাজি গভীৰ মনোযোগেৰে অধ্যয়ন কৰাটো আমাৰ জীৱনৰ অন্যতম পাঠ। কিয়নো বৰগোহাঞিদেৱৰ সাহিত্য আৰু জীৱন সমাৰ্থক। তেওঁৰ সাহিত্য মানেই সাহসৰ অন্য নাম। সাহসেই সাহিত্য কথাষাৰ তেওঁৰ সাহিত্যত বাৰুকৈয়ে প্ৰতিফলিত।" উক্ত আলোচনা সত্ৰত মুখ্য আলোচক হিচাপে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হাফলং চৰকাৰী মহাববিদ্যালয়ৰ অৱদৰী অধ্যক্ষ ধৰণীধৰ ৰয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b15e6222-0890-42e8-9b4c-2f86894bd766/99b7241c_d2ff_4367_9430_a7f3936c1822.jpg)
পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ সঞ্চালনাত পাটাছাৰকুছি প্ৰেছ ক্লাৱত অনুষ্ঠিত আলোচনা সত্ৰত মুখ্য আলোচকগৰাকীয়ে হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতিৰ এক বিশদ পৰ্যালোচনাৰে আলোচনাৰ বিষয়বস্তুক অধিক সজীৱ কৰি উপস্থিতসকলক প্ৰজ্ঞাৰ খোৰাক যোগায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b0e81694-f2ee-416a-be67-ccd7d1a5cdfb/18a229f0_5010_4bbf_a3ec_31b6effc0293.jpg)
আলোচনা সত্ৰখনত অন্যতম আলোচক হিচাপে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ টিকেন্দ্ৰ নাথ কলিতাই হোমেন বৰগোহাঞিৰ সান্নিধ্য সুঁৱৰি কয় যে সঁচা অৰ্থত বৰগোহাঞি এগৰাকী নিৰ্ভীক সাহিত্যিক আৰু সাংবাদিক। নতুন লেখকসকলে সাহসী হ'বলৈ হ'লে তেখেতৰ সকলো গ্ৰন্থ নিতান্তই অধ্যয়ন কৰাটো উচিত।
পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সভাপতি নৱকান্ত কলিতাই আলোচ্য বিষয়ৰ ওপৰত আঁত ধৰি হোমেন বৰগোহাঞিৰ প্ৰতিখন গ্ৰন্থ মানে বিশ্বপ্ৰেক্ষাপটৰ এখন খিৰিকী আৰু সেইখন খিৰিকীৰে বিশ্বৰ প্ৰতিটো কোণ সুক্ষ্মভাৱে দেখা যায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
সঞ্চালকৰ আসনৰ পৰা শাখা সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ে হোমেন বৰগোহাঞিৰ সাহস আৰু নিৰ্ভীকতাৰ সাক্ষী হিচাপে তেওঁৰ আত্মজীৱনী আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন , পিতাপুত্ৰ আদিত সন্নিবিষ্ট বিভিন্ন কথাৰ উল্লেখনেৰে কথাশিল্পীগৰাকীয়ে কেনেকৈ নিজৰ জীৱনৰ দোষবোৰক সাহসেৰে স্পষ্টৰূপত লিখি গৈছে তাৰ ওপৰত খৰচি মাৰি মন্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9af0aa88-7c62-49a7-8088-87c9c8b39839/2902a7a3_17fa_48b5_8fbf_18daefdde93a.jpg)
মন্তব্য প্ৰসংগত সঞ্চালকগৰাকীয়ে বৰগোহাঞিৰ গ্ৰন্থ মানে জীৱনৰ প্ৰতি হতাশা আহি আত্মহননৰ ভাৱ জন্মা কোনো হতাগ্ৰস্তৰ সঞ্জীৱনী সুধা বুলিও দোহাৰে। মহীৰুহগৰাকীৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকীত আয়োজন কৰা স্মৃতিসভাৰ আৰম্ভণিতে প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন আৰু স্মৃতি তৰ্পণ কৰে পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কিশোৰ শৰ্মাই।
সম্পাদক হীৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা আৰু শলাগৰ শৰাই আগবঢ়োৱা স্মৃতিসভাখনত পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উপ-সভাপতি হিতেশ চন্দ্ৰ গোস্বামী, সহকাৰী সম্পাদক গৌতম গোস্বামী আৰু নিতুল শৰ্মা আদিও উপস্থিত থাকে ।
Also Read: বিশ্বৰ কেইখনমান ৰহস্যময়ী ঠাই...