/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/beed6b11-a98c-40da-8ed2-5d86c9161ea9/554.jpg)
ডিজিটেল সংবাদ,যোৰহাট : সমগ্ৰ অসমৰ প্ৰবীণ খেলুৱৈয়ে ভৰি পৰা যোৰহাট ষ্টেডিয়ামখনতেই নহয় যোৰহাট নগৰখনেই মুখৰিতেৰে হৈ পৰিছে উখলমাখল পৰিৱেশ। বুধবাৰৰ পৰা অসম মাষ্টাৰ্ছ এথলেটিকছ এছ'চিয়েচনৰ উদ্যোগত যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ আতিথ্যত প্ৰথমবাৰৰ বাবে যোৰহাট ষ্টেডিয়ামত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে আন্তঃজিলা ২৯ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ ২০২৩।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2dee4337-dca2-4a0f-bd67-ebec21c1e157/860fd2b4_ce08_4b0e_8ab6_1c43f2b19eeb.jpg)
উক্ত প্ৰতিযোগিতাখনে বৃহস্পতিবাৰে দ্বিতীয় দিনত ভৰি দিয়ে। কাৰ্যসূচী অনুসৰি আজি পুৱাৰে পৰা অনুষ্ঠিত হয় কেইবাখনো প্ৰতিযোগিতা। তাৰে ভিতৰত বাতৰিলিখা পৰলৈকে পোৱা একাংশ ফলাফল ক্ৰমে ৩৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ জেভলিন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কোকৰাঝাৰৰ খনিবালা বসুমতাৰীয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় নাজিৰাৰ মমী বৰুৱা আৰু শিৱসাগৰৰ স্বপ্নালী চেতিয়া চাংমাইয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/51273b4c-987c-4aee-b5a4-4db0f6f404d2/5bdc511b_5d0e_400d_bcae_4e3ef4f9418f.jpg)
৪০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ জেভলিন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে টিংখাঙৰ নিজৰা বৰুৱাই লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে নাজিৰাৰ নমিতা দিহিঙ্গীয়া আৰু ডিগবৈৰ মঞ্জিতা নিৰমলীয়াই। ৪৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ জেভলিন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কাৰ্বি আংলঙৰ নিৰু দেৱীয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় নাজিৰাৰ চাহানা বেগম আৰু কলিয়াবৰৰ গুলামণি শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8f2821db-a6c2-448f-adc8-97be8fa7599c/c58dfdd4_2cec_4832_ad1a_bdf02e4b5e63.jpg)
ইফালে ৭৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ডিব্ৰুগড়ৰ ভূপেন্দ্ৰ নাথ চুতীয়াই লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ঢকুৱাখানাৰ সদাবৰ গোহাঁইয়ে আৰু ডিব্ৰুগড়ৰ জে কে দেউৰীয়ে। ৮০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে চিলাপথাৰৰ ৰুহিনী সোণোৱালে লগতে দ্বিতীয় আৰু তৃতীয় হয় নাহৰকটীয়াৰ জিতেন ভূঞাই আৰু বজালীৰ লোহিত চন্দ্ৰ ডেকাই।
৮৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে চিলাপথাৰৰ টুৱাৰাম শইকীয়াই লগতে দ্বিতীয় আৰু তৃতীয় হয় গোলাঘাটৰ ৰাম তামুলী আৰু নাহৰকটীয়াৰ ইলাচৰণ গগৈয়ে। ৩৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মৰাণৰ দীপা ৰয়ে লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে যোৰহাটৰ ৰঞ্জনা দলে আৰু নাজিৰাৰ জিনু বৰুৱা গগৈয়ে।
৪০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে টেঙাখাটত নিজৰা বৰুৱাই লগতে দ্বিতীয় আৰু তৃতীয় হয় কামৰূপ মেট্ৰোৰ দেইজীৰাণী বৈশ্য গগৈ আৰু কাৰ্বি আংলঙৰ নিৰু হাজৰিকাই। ৪৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে দৰঙৰ নিজৰা ডেকাই লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে শোণিতপুৰৰ মৰমী দেৱী ৰয় আৰু কাৰ্বি আংলঙৰ নিৰু দেৱীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/20e00377-ac3c-4f1c-a9b8-12b10826c89b/a1db51ef_3d92_4279_8d1f_5287a79079c6.jpg)
৫০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে কাৰ্বি আংলঙৰ প্ৰণতি হাজৰিকাই লগতে দ্বিতীয় আৰু তৃতীয় হয় কামৰূপ মেট্ৰোৰ ইন্দিৰা দাস আৰু বৰপেটাৰ বিভা দাসে। ৫৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ শ্বটপুত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে দৰঙৰ ৰিনা কলিতাই লগতে দ্বিতীয় আৰু তৃতীয় হয় শোণিতপুৰৰ বাসন্তী কুমচিং আৰু বঙাইগাঁওৰ ৰুমা দাসে।
ইফালে ৩৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কামৰূপ মেট্ৰোৰ ৰাজীৱ গগৈয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় মৰাণৰ বুদ্ধ নাৰায়ণ হাজৰিকা আৰু যোৰহাটৰ ৰাজা দলে। ৪০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বজালীৰ নিৰুপন তালুকদাৰে লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বঙাইগাঁওৰ পৱিত্ৰ চৌধুৰী আৰু যোৰহাটৰ মৃদুপৱন বৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ba3ea7a7-9768-4961-bd05-9e1db5e63a46/badd5bb5_8c6a_4657_916b_2bac40276014.jpg)
৪৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নাহৰকটীয়াৰ জয়ন্ত গগৈয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় ডিব্ৰুগড়ৰ ভৃগুমণি গগৈ আৰু মৰাণৰ অভিজিৎ নাথ। ৫০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বজালীৰ নৱজিৎ ওজাই লগতে দ্বিতীয় আৰু তৃতীয় হয় মৰাণৰ প্ৰশান্ত গগৈ আৰু চিলাপথাৰৰ অশ্বিনী বৰা। ৫৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চিৰাঙৰ মনোৰম নাথে লগতে দ্বিতীয় আৰু তৃতীয় হয় বঙাইগাঁওৰ মহেন্দ্ৰ গগৈ আৰু লক্ষীমপুৰৰ ৰমেশ হাজৰিকা।
৬০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰৰ অনিল চন্দ্ৰ গগৈয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় ডিব্ৰুগড়ৰ নলিনী ফুকন আৰু চিৰাঙৰ শ্যামল অধিকাৰী। ৬৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কলিয়াবৰৰ বলোৰাম ডেকাই লগতে দ্বিতীয় আৰু তৃতীয় হয় বজালীৰ প্ৰভাত চন্দ্ৰ দাস আৰু ডিব্ৰুগড়ৰ বিশ্বজিৎ দুৱৰা।
৭০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যোৰহাটৰ ইচলাম আৰু দ্বিতীয় হয় বজালীৰ তৰনী চৌধুৰী। ৭৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তিনিচুকীয়াৰ কেশৱ গগৈয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় কামৰূপ মেট্ৰোৰ যদু গগৈ আৰু কলিয়াবৰৰ কমল নাথ।
৮০ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গোলাঘাটৰ বীৰেন্দ্ৰনাথ দত্তই আৰু দ্বিতীয় হয় কলিয়াবৰৰ মতি বাহাদুৰ। ৮৫ বছৰ উদ্ধৰ্ধৰ পুৰুষ শাখাৰ ট্ৰিপুল জাম্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নাজিৰাৰ ভদ্ৰেশ্বৰ ফুকনে আৰু দ্বিতীয় হয় যোৰহাটৰ নকুল বৰদলৈয়ে।
ইয়াৰ উপৰিও কালি থাকি যোৱা একাংশ প্ৰতিযোগিতাৰ ফলাফল আয়োজক সমিতিয়ে আজি দিয়া অনুসৰি ক্ৰমে ৩৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মৰাণৰ চফিয়া বেগমে লগতে দ্বিতীয় আৰু তৃতীয় হয় নাজিৰাৰ মৌচুমী গগৈ আৰু মৰাণৰ কুঞ্জলতা সোণোৱাল। ৪০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ডিগবৈৰ বীণাপাণি দেৱীয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় যোৰহাটৰ ৰাণু স্মিথ আৰু লক্ষীমপুৰৰ ৰাণু লাহন গগৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/06711545-0833-4b1d-979e-d0f150e51063/efb31bb0_cfed_4248_b1cf_b2f63b30ec6f.jpg)
৪৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে কামৰূপৰ অনিমা সোণোৱালে লগতে দ্বিতীয় আৰু তৃতীয় হয় গোৱালপাৰাৰ কুসুম ৰাভা আৰু বঙাইগাঁওৰ হেমাৰাণী বসুমতাৰী। ৫০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে লক্ষীমপুৰৰ ববী শইকীয়াই লগতে দ্বিতীয় আৰু তৃতীয় হয় নাজিৰাৰ চৰিফা জাহান খান আৰু কামৰূপৰ চন্দ্ৰমা কলিতা।
৫৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে যুটীয়াভাৱে টিংখাঙৰ ইন্দিৰা লাহন আৰু যোৰহাটৰ অঞ্জুমণি বৰাই লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বজালীৰ বিমলা বৰকটকী আৰু কলিয়াবৰৰ অনু শইকীয়া। ৬০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে চিৰাঙৰ বিলাসী কুমচিঙে লগতে দ্বিতীয় আৰু তৃতীয় হয় মৰাণৰে পবিতৰা মলিয়া আৰু ববী খান্ধধাৰাই। ৬৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে নাহৰকটীয়াৰ অৰুনা গগৈয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় লক্ষীমপুৰৰ ডালিমী দত্ত আৰু কামৰূপৰ মঞ্জুমণি ঠাকুৰীয়াই।
৭০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ডিব্ৰুগড়ৰ হিৰদা দত্তই লগতে দ্বিতীয় আৰু তৃতীয় হয় মৰাণৰ শুভা হাজৰিকা আৰু শোণিতপুৰৰ অঞ্জলি শইকীয়া। ৭৫ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে চিলাপথাৰৰ শকুন্তলা পেগুৱে লগতে দ্বিতীয় আৰু তৃতীয় হয় কামৰূপৰ ৰাণু তালুকদাৰ আৰু মৰাণৰ অনদা বৰা গগৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8125e9ba-5f06-4272-bed8-367fea1feb2c/79b0a010_dc0c_4dc4_9899_341d4cd4b4ce.jpg)
৮০ বছৰ উদ্ধৰ্ধৰ মহিলা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে শিৱসাগৰৰ ৰূপাদা বুঢ়াগোহাঁইয়ে লগতে দ্বিতীয় আৰু তৃতীয় হয় কামৰূপৰ মণি তালুকদাৰ আৰু মৰাণৰ লীলাপ্ৰভা দিহিঙ্গীয়া।
Also Read: বটদ্ৰৱাত ভয়ংকৰ অগ্নিকাণ্ড