চামগুৰিত ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ...

৩ জন প্ৰাৰ্থিৰ মনোনয়ন নাকচ

author-image
Asomiya Pratidin
New Update
চামগুৰিত ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ...

ডিজিটেল সংবাদ,নগাঁও: চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা হৈছে । ইয়াৰ বিপৰীতে ৩ জন প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

সমষ্টিটোত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন বৈধ হোৱা প্ৰাৰ্থীসকল হ'ল - বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তানজিল হুছেইন, আপৰ নুৰুল আমিন চৌধুৰী, চচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) আব্দুছ চবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বসাক, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হক, নিৰ্দলীয় ক্ৰমে আব্দুল মজিদ, জেহিৰুল ইছলাম, ফাতেমা খাতুন,মোছাবিৰ আলি আহমেদ আৰু শশী তাতি।

আনহাতে মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীসকল হ'ল - তৃণমূল কংগ্ৰেছৰ বছিৰ উদ্দিন আহমেদ, নিৰ্দলীয় আশা বেগম আৰু মাইনুল ইছলাম।

Also Read: ধলাই সমষ্টিত কংগ্ৰেছৰ ৩ পৰ্যবেক্ষক নিযুক্তি...

উপ নিৰ্বাচন চামগুৰি