/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/qb79i26f/apcc-29.jpg)
ধলাই সমষ্টিত কংগ্ৰেছৰ ৩ পৰ্যবেক্ষক নিযুক্তি...
ডিজিটেল ডেস্কঃ ধলাই বিধানসভা উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সমষ্টিটোত কংগ্ৰেছ সভাপতি ভূপেন বৰাই তিনিজনক সমষ্টিটোৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে।
অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা এক নিৰ্দেশনাত সভাপতি ভূপেন বৰাই এই নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছে। সমষ্টিটোৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি লাভ কৰা এই তিনি কংগ্ৰেছ নেতা ক্ৰমে অমন ৱাডুব, অধিবক্তা আব্দুছ ছুবুৰ টাপাডাৰ আৰু আছিল ইকবাল।
Also Read: গছ কটাৰ সপক্ষে হোৱা আন্দোলনেহে ৰক্ষা কৰিব দীঘলীপুখুৰীৰ ঐতিহ্য...