বঢ়মপুৰৰ ৰাজনন্দিনী বেজবৰুৱাৰ সফলতা

লাভ কৰিলে ১ম ৰাৰ্নাছ আপ স্থান

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰৰ ৰাজনন্দিনী বেজবৰুৱাৰ সফলতা

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ জিলা পুথিভঁৰালত যোৱা নিশা Muga Speiceৰ winter Fest 2023 season 9 অনুষ্ঠান অনুষ্ঠিত হৈ যায়। "Muga Speice"য়ে হয়বৰগাওঁ মহিলা সমিতিৰ সহযোগত আয়োজন কৰা উক্ত অনুষ্ঠানত ফেশ্বন শ্ব' অনুষ্ঠিত হয়।

Advertisment

উক্ত ফেশ্বন শ্ব'ৰ "মিছ নগাঁও জুনিয়ৰ ২০২৩" বিভাগত ১ম ৰাৰ্নাছ আপ স্থান দখল কৰাৰ লগতে মিছ কনফিডেন্ট খিতাপ দখল কৰে বঢ়মপুৰৰ হালোৱাগাৱঁৰ ৰাজনন্দিনী বেজবৰুৱাই। নগাঁৱৰ ডিমৰুগুৰিস্থিত ৰেডিয়েন্ট একাডেমীৰ চৰ্তুথ শ্ৰেণীৰ ছাত্ৰী ৰাজনন্দিনী বেজবৰুৱাৰ এই সফলতাত এতিয়া প্ৰতিযোগী গৰাকীৰ লগতে পৰিয়ালবৰ্গ‌ও উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে ৰাজনন্দিনী বেজবৰুৱা এগৰাকী নৃত্য আৰু অভিনয়ৰো ছাত্ৰী।

আৰু পঢ়ক : আমোদৰ বাবে অংশ লোৱা লটাৰী প্ৰতিযোগিতাই আনিলে ৪৮ মিলিয়ন ডলাৰ

fashion show