/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6b6cba6f-d3f5-4c85-9cf6-e2513815a572/17.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত জেংগনী গাঁৱৰ তথা উত্তৰ পশ্চিম অঞ্চলৰ অগ্ৰণী ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান নুৰুণ নেহাৰ আদৰ্শ জাতীয় বিদ্যালয় চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীৰ দেওবাৰে আদৰণি সভা দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।
পুৱা ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ, ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি পৰ্বৰ পিছত দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিতুমণি শইকীয়াই কয় যে "ছাত্ৰ ছাত্ৰী জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ লক্ষ্যত স্থিৰ থাকি আত্ম বিশ্বাসেৰে আগুৱাই যাব লাগিব, জীৱনৰ সকলো বাধা অতিক্ৰম কৰি আগুৱাই গলেহে সকলোৱে সফলতা লাভকৰিবলৈ সক্ষম হব।"
উল্লেখ্য যে ইতিমধ্যে বিদ্যালয় খনে দশক ধৰি এশ শতাংশ উত্তীৰ্ণৰে সফলতা অব্যাহত ৰখাৰ লগতে ইতিমধ্যে কেবাগৰকী ছাত্ৰ ছাত্ৰীয়ে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আদৰণি সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গীতৰ শৰাইয়ে সকলোকে আপ্লুত কৰি তোলে।
Also Read: সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ