নগাঁও কলেজ (অট’নমাচ)ত ফৰেনচিক চাইন্সৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম উদ্বোধন

নগাঁও কলেজ (অট’নমাচ)ত ফৰেনচিক চাইন্সৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম উদ্বোধন

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ)ত ফৰেনচিক চাইন্সৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম উদ্বোধন

ডিজিটেল সংবাদ, নগাঁও: নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন হ’ল স্নাতকোত্তৰ ফৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি৷ চুক্তিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে।

Advertisment

উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় ডাঃ গোস্বামীয়ে কয় যে, এই পাৰস্পৰিক বুজাবুজি এক বৈপ্লৱিক পদক্ষেপ। ইয়াৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ সুযোগ লাভ কৰিব। এই চুক্তিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে পূৰ্ণ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে।

আনুষ্ঠানিকভাৱে এই পাঠ্যক্ৰমটো মুকলি কৰি অধ্যাপক তথা চিকিৎসক ডাঃ গোস্বামীয়ে কয় যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফৰেনচিক চায়েন্সৰ ডিপ্লমা পাঠ্যক্ৰমৰ বাবে আবেদন দাখিল কৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে নতুন বিষয় এটা পঢ়াৰ সুযোগ লাভ কৰিব। ভাষণ প্ৰসঙ্গত নগাঁও কলেজখন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ প্ৰসঙ্গ উল্লেখ কৰি কয় যে, নগাঁও কলেজখন বিশ্বমানৰ হ’ব বুলি তেওঁ আশাবাদী।

লগতে ডাঃ গোস্বামীয়ে কয় যে, নগাঁও কলেজৰ বি.এম.এল .টি বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে নগাঁও চিকিৎসা মহাবিদ্যালয়ত তিনিমহীয়া চিকিৎসালয় প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰে আৰু এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা পোৱা সহযোগিতাৰ বাবে ভূয়সী প্ৰশংসা কৰে। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও কলেজৰ অধ্যক্ষ ড০ বৰকটকীয়ে।

আদৰণী ভাষণত ড০ বৰকটকীয়ে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীকে প্ৰমুখ্য কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ দলটোক এই চুক্তিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে এই যৌথ বুজাবুজিয়ে নগাঁও কলেজ আৰু উন্নীত নগাঁও বিশ্ববিদ্যালয়ৰ লগতে অসমত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো এই পদক্ষেপে শিক্ষানুষ্ঠানখন জিলিকাই তুলিব বুলি উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থাকি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ কবীন্দ্ৰ দেৱ শৰ্মাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত এই পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাৰ বাবে এক দুৱাৰ মুকলি কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ নয়নমণি পাঠকে প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ পাই আনন্দিত বুলি উল্লেখ কৰাৰ লগতে এই পদক্ষেপে দুয়োখন প্ৰতিষ্ঠানক সমানে লাভাৱান্বিত কৰিব বুলি মন্তব্য কৰে।

পাঠ্যক্ৰম সমন্বয়ক তথা প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ললিত মোহন গোস্বামীয়ে পাঠ্যক্ৰমৰ সবিশেষ উল্লেখ কৰে। শনিবাৰে অনুষ্ঠিত অনুষ্ঠানত কলেজৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰা, শৈক্ষিক সদস্য সচিব ড০ ফাৰিস্তা য়াচমিন, ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী ড০ নিলোৎপল কুমাৰ ব্ৰহ্ম, পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ইন্দুভূষণ ৰয়কে প্ৰমুখ্য কৰি কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী, পাঠ্যক্ৰমত নামভৰ্তি কৰিবলগীয়া ১০গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শেষত ড০ ললিত মোহন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।

Also Read: এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

nagaon college (autonomous)