আপকুৰ নগাঁও জিলাৰ নতুন সমিতি গঠন

আপকুৰ নগাঁও জিলাৰ নতুন সমিতি গঠন

ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও জিলা আপকুৰ সাধাৰণ সভাখন দেওবাৰে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক শৰৎ শেনচোৱা উপস্থিত থাকি সাংবাদিকসকলৰ বিভিন্ন সমস্যা আৰু কাৰ্যপন্থাৰ বিষয়ে ভাষণ প্ৰদান কৰে ৷

নগাঁও জিলাৰ বিভিন্ন স্থানৰ সাংবাদিকসকল উপস্থিত থকা সাধাৰণ সভাত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই ভাষণ প্ৰসংগত কয় যে, মফচলীয়া সাংবাদিকসকলৰ বহুত সমস্যা আছে ৷ গতিকে সকলো সাংবাদিক সংগঠনৰ নেতৃত্বত মিলি সাংবাদিকসকলৰ সমস্যা দূৰীকৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ৷

আপকুৰ নগাঁও জিলা সমিতিৰ সম্পাদক হেমন্ত শইকীয়াই আতঁ ধৰা উক্ত সভাতেই পুৰণা সমিতিখন ভংগ কৰি জিলাখনৰ নতুন কমিটিৰ মুখ্য উপদেষ্টা ৰূপে মুনীন্দ্ৰ শইকীয়া আৰু মিঠুমুগ্ধ গোঁহাইক, সভাপতি অপূৰ্ব হাজৰিকা ,কাৰ্যকৰী সভাপতি বাচাৰউল্লাহ মুজাদ্দিদ, উপ-সভাপতি তৰুন বৰুৱা,সাধাৰণ সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰা, সহকাৰী সম্পাদক নিপুল বৰা, সাংগঠনিক সম্পাদক বিবেকানন্দ শইকীয়া, কোষাধ্যক্ষ ৰিতু নেওগ, প্ৰচাৰ সম্পাদক ভাৰ্গৱ হাজৰিকা ,পত্ৰিকা সম্পাদক প্ৰমোদ কুমাৰ শৰ্মাক লৈ এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়।

অৱশ্যে এইক্ষেত্ৰত পৰৱৰ্তী সভাত আপকুৰ নগাঁও জিলাৰ পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

আপকুৰ নগাঁও জিলাৰ নতুন সমিতি গঠন
তিতাবৰৰ নামচুঙীত আলোচনাচক্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in