তিতাবৰৰ নামচুঙীত আলোচনাচক্ৰ

'সাঁচি-চাহৰ বাণিজ্যিক উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা' শীৰ্ষক আলোচনাচক্ৰ
তিতাবৰৰ নামচুঙীত আলোচনাচক্ৰ

ডিজিটেল সংবাদ,বেকাজান : তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু তিতাবৰৰ নামচুঙী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক আৰু সমন্বয় যুৱ সংঘৰ আতিথ্যত নামচুঙীৰ পৰাগজ্যোতি বৰুৱা ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে এখনি গুৰুত্বপূৰ্ণ 'সাঁচি আৰু চাহৰ বাণিজ্যিক উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই উপলক্ষে তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ বুদ্ধীন্দ্ৰ নাথ শইকীয়াই পুৱা ৯-০০বজাত পতাকা উত্তোলন কৰে।

ইয়াৰ পিচতে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে তিতাবৰৰ বিধায়ক তথা বিশিষ্ট চাহ খেতিয়ক ভাস্কৰজ্যোতি বৰুৱাই। দুপৰীয়া তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ বুদ্ধীন্দ্ৰ নাথ শইকীয়াৰ সঞ্চালনাত আৰু সন্মিলনৰ সম্পাদক পূৰ্ণ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা আলোচনা চক্ৰৰ আঁত ধৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক তথা অৱসৰী শিক্ষক-সমাজকৰ্মী অপূৰ্ব শইকীয়াই।

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মহিলাসকলৰ সমূহীয়া প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা আলোচনাত চক্ৰৰ আদৰণি ভাষণ প্ৰদান কৰে সন্মিলনৰ উপ-সভাপতি নৰেন দত্তই। 'অল্ আসাম অগৰউড্ প্লেণ্টাৰ্চ এণ্ড ট্ৰেডাৰ্চ এচ'চিয়েশ্যন'ৰ সাংগঠনিক সম্পাদক, সাঁচি খেতিয়ক তথা তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই উদ্বোধন কৰি কয় যে, সাঁচি গছৰ প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টিৰ মূল্যৱান উপহাৰ তথা অৰ্থনৈতিক দিশত লাভৱান হ'ব পৰা এক সহজলভ্য আকৰ্ষণীয় প্ৰাকৃতিক সম্পদ।

সাঁচি গছৰ খেতিয়ে অসমৰ অৰ্থনীতিক টনকিয়াল কৰি তুলিব পাৰে আৰু লাখ লাখ নিবনুৱাক আৰ্থিক নিৰাপত্তা আৰু সমৃদ্ধি দিব পাৰে সেয়া প্ৰচুৰ সম্ভাৱনাময় এক বাস্তৱৰ ৰূপত উদ্ভাসিত হৈছে। আলোচনাচক্ৰত 'সাঁচিৰ বাণিজ্যিক উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা শীৰ্ষক বিষয়ত মুখ্য অতিথি তথা আলোচকৰূপে আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট সাঁচি বিশেষজ্ঞ, অগৰ শিল্পৰ গৱেষক তথা অগৰ উড্ পাৰফিউম উদ্যোগ 'এম জে আই গ্ৰুপ'ৰ অধ্যক্ষ ড০ জেহিৰুল ইছলামে অংশ লয়।

তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থনৈতিক দিশত স্বৰ্ণ বৃক্ষৰূপে খ্যাত সাঁচি গছৰ দ্বাৰা উৎপাদিত অগৰু শিল্পৰ বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰখনত সাঁচি খেতিয়ক আৰু ব্যৱসায়ীসকলে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ৰাজ্য তথা দেশৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হৈছে বুলি তত্ত্বগধূৰ ভাষণ প্ৰদান কৰে। ড০ ইছলামে সাঁচি খেতিৰ জৰিয়তে কৰ্ম-সংস্কৃতি গঢ়ি স্বনিয়োজন তথা ঐশ্বৰ্যৰ বাট প্ৰশস্ত কৰি তুলিবৰ বাবে যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।

অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ বহুসংখ্যক সাঁচি আৰু চাহ খেতিয়কসকলৰ উপৰি যুৱ প্ৰজন্ম উপস্থিত থাকে। আলোচনাচক্ৰত 'চাহৰ বাণিজ্যিক উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা শীৰ্ষক বিষয়ত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ চাহ বিশেষজ্ঞ ড০ ৰমেন গগৈয়ে মুখ্য অতিথি তথা আলোচকৰূপে অংশগ্ৰহণ কৰে।

ড০ গগৈয়ে চাহ গছৰ ইতিহাস আৰু চাহৰ বিভিন্ন প্ৰকাৰৰ উৎপাদনশৈলী, ক্ষুদ্ৰ চাহ খেতিয়কসকলে গ্ৰহণ কৰিব পৰা বিভিন্ন সুবিধা সন্দৰ্ভত তত্ত্বগধূৰ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সাঁচি বিশেষজ্ঞ ডঃ জেহিৰুল ইছলাম, চাহৰ বিশেষজ্ঞ ডঃ ৰমেন গগৈ, আশীৰোৰ্ধৰ বৰ্ষীয়ান নাগৰিক, শিল্পীদ্বয় মালভোগ ৰাজখোৱা আৰু চেনিৰাম বৰুৱাক ফুলাম গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক অৰুণ বুঢ়াগোহাঁইয়ে গীত পৰিৱেশন আৰু তিলক বৰাই কবিতা পাঠ কৰে। আনহাতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰমেন বৰাই বক্তব্য প্ৰদান কৰে।

তিতাবৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি উৎপল শইকীয়া, অৱসৰপ্ৰাপ্ত কৃষি উন্নয়ন বিষয়া, সমাজকৰ্মী ৰতি বৰা, 'অল্ আসাম অগৰ উড্ প্লেণ্টাৰ্চ এণ্ড ট্ৰেডাৰ্চ এচ'চিয়েশ্যন'ৰ গোলাঘাট জিলা সমিতিৰ সহকাৰী সম্পাদক জব্বৰ আলি প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বহু সংখ্যক জ্যেষ্ঠ নাগৰিক, সাঁচি আৰু চাহ খেতিয়কে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰৰ অন্তত শলাগৰ শৰাইআগবঢ়াই তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক পূৰ্ণ শইকীয়া আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক অপূৰ্ব শইকীয়াই।

তিতাবৰৰ নামচুঙীত আলোচনাচক্ৰ
দিল্লীত বাহৰ পাতি নিৰ্বাচনী ৰণকৌশলত ব্যস্ত আপ,অসমৰ সভাপতি : কেজৰিৱালৰে নিৰ্বাচনী সমীকৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in