এইবাৰ উৎকোচ লৈ জালত পৰিল বন-বিষয়া...

নগাঁও , কাৰ্বি আংলং জিলাৰ বন ধ্বংসৰে জড়িত থকা বন বিষয়া নেপাল মণ্ডলক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে লোতে কৰায়ত্ব কৰে ৷

author-image
Asomiya Pratidin
New Update
এইবাৰ উৎকোচ লৈ জালত পৰিল বন-বিষয়া...

ডিজিটেল সংবাদ,নগাঁও : জালত পৰিল বন বিষয়া নেপাল মণ্ডল ৷ নগাঁও , কাৰ্বি আংলং জিলাৰ বন ধ্বংসৰে জড়িত থকা বন বিষয়া নেপাল মণ্ডলক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে লোতে কৰায়ত্ব কৰে ৷

নগাঁও বন বিভাগৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলে উৎকোচ লৈ থাকোতে কৰায়ত্ব হয় ৷ সহকাৰী বন সংৰক্ষকৰ পদত থাকি শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্ব খামোচ মাৰি লুট পাত চলোৱা বিষয়া মণ্ডলে এজন কাঠ ব্যৱসায়ীক টি পি প্ৰদানৰ নামত ধন আদায় লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে লোতে কৰায়ত্ব কৰে ৷

কাঠ চোৰ , শিল চোৰৰে মিতিৰালি কৰি দীৰ্ঘ দিনে শালনাত খুটি পুতি বহা বিষয়া নেপাল মণ্ডলক বিগত সময়ত নিয়ন্ত্ৰন কৰিবলৈ কোনেও সাহস কৰিব পৰা নাছিল ৷ ৰাজনৈতিক আৰ্শীবাদৰ মদমত্ত নেপাল মণ্ডল শালনাতে উৎকোচ লৈ থাকোতে কৰায়ত্ব হোৱাৰ পিছত সাধাৰণ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

Also Read: সততাৰ আন এক নিদৰ্শন ময়ূৰী গোহাঁই দাস, ATM ত পোৱা ৯০০০ টকা দিলে ঘূৰাই...

Assam police