/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a78b5f9e-bd33-40a6-bdbd-840cdf61a503/tyyyy.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: সততাৰ নিদৰ্শন দাঙি ধৰিলে বৰহোলা শান্তিৰপুৰ গাঁৱৰ নিৱাসী ময়ূৰী গোঁহাই দাসে ৷ সমাজত এতিয়াও যে ভাল বহুতো ভাল মানুহ আছে তাৰে উদাহৰণ ময়ূৰী গোহাই দাস ৷
বৰহোলা তিনিআলিস্থিত ষ্টেট বেংকৰ এটিএম মেছিনত নিজৰ দুহেজাৰ টকা উলিয়াবলৈ এটিএমত কাৰ্ডখন সোমোৱা পিছত বুটাম টিপিবলৈ লওঁতে এটিএমৰ পৰা ৯ হাজাৰ টকা ওলাই আহে৷ এটিএমত কোনো পিনকোড, টকা পৰিমাণ নমৰাকৈ টকা ওলাই অহাত এইয়া কোনো ব্যক্তিয়ে উলিয়াবলৈ লওঁতে কাৰিকৰী বিজুতিৰ কাৰণে এনেদৰে টকা থাকি যোৱা বুলি জানি ময়ূৰীয়ে ভাৱে।
তাৰপাছত ততাতৈয়াকৈ তেওঁ ভাৰতীয় ষ্টেট বেংক,বৰহোলা শাখাত উপস্থিত হয় আৰু শাখা প্ৰবন্ধক উৎপল দত্তক ধনৰাশি প্ৰদান কৰে ৷ মহিলা গৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে ৷
Also Read: ''দেশৰ ৰাজনীতি এতিয়া IPL ৰ দৰে একেই! কোনে, কোন দলৰ পৰা খেলে গ'মেই নাপায়''