/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6245c75f-b0ef-4cd7-98b0-731621c1bf48/Nataraj.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ সৰুভগীয়াত সোমবাৰে বিয়লি "নটৰাজম কলা কেন্দ্ৰ" নামেৰে এখনি বিহু নৃত্য, ঢোল বাদ্য আৰু সত্ৰীয়া নৃত্যৰ বিদ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। সৰুভগীয়া "মঞ্চ" কাৰ্যালয় প্ৰাংগনত এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে আয়ুস পাব্লিক স্কুলৰ সঞ্চালক প্ৰদূম্য দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f9767f8c-ead0-43a6-8cbb-0b100845c807/12dd8396_0c15_4e71_a7c0_03227e6f47fa.jpg)
নটৰাজম কলা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলাৰ সোণাৰিৰ বিশিষ্ট লোক শিল্পী ফিৰুজ কোঁৱৰে। স্থানীয় বিশিষ্ট নাগৰিক গিৰিশ চন্দ্ৰ কটকীৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাবে ভাষণ দিয়ে শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্ত আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6898a913-8984-4d7f-9390-53c0b7429625/1b9d46e2_6dd4_40e9_b80a_dd7783f0dc1a.jpg)
নটৰাজম কলা কেন্দ্ৰৰ তত্বাৱধায়িকা প্ৰিয়ংকা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ক্ৰমে জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰদীপ লস্কৰ, সাংস্কৃতিক কৰ্মী যাদৱ বৰুৱা আৰু সাংবাদিক কিশোৰী কুমাৰ ডেকাই মন্তব্য আগবঢ়ায়।
Also Read: ধেমাজিত জিলা সাঁতোৰ সন্থা গঠন...