/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e94f3d03-2c36-4a0a-92c0-704a59661a85/Ashwini.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও সাঁতোৰ ক্ষেত্ৰত দিয়া নাই গুৰুত্ব ৷ আন আন ক্ৰীড়াৰ সমান্তৰালভাবে সাঁতোৰবিদৰো আছে ভাল কেৰিয়াৰ ৷ উপযুক্তভাৱে প্ৰশিক্ষণগ্ৰহণ কৰি সাঁতুৰিলে নিজৰ লগতে জিলা আৰু ৰাজ্যৰ নাম উজ্বলাব পাৰি ৷ শাৰীৰিক কচৰৎ কৰাৰো অন্য নাম হৈছে সাঁতোৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1f45656f-9ea6-4ce8-ad26-98bd676f43d9/9cfeae68_62c2_4cd5_811a_285f3af8c5a2.jpg)
কিন্তু বৰ্তমান সাঁতোৰক চৰকাৰে গৌণ হিচাবে বিবেচনা কৰিছে বুলি সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত উদ্বেগ প্ৰকাশ কৰে অসম সাঁতোৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত মহন্তই ৷ ধেমাজি অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দিব্য দত্তই সভাপতিত্ব কৰা এই সভাত শিক্ষক দিব্য দত্তক সভাপতি আৰু দিলীপ চুতীয়াক সাধাৰণ সম্পাদক হিচাবেলৈ ধেমাজি জিলাত ২১ জনীয়া এখনি সাঁতোৰ সন্থা গঠন কৰা হয় ৷ সভাত চলিত মাহতেই এটি পুখুৰী নিৰ্বাচন কৰি অহা আগষ্ট মাহৰ পৰাই ধেমাজিত এটি সাঁতোৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা লগতে আৰু সাঁতোৰ সৈতে জড়িত আৰু বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ceb84093-8a1e-4479-9683-360d57f6640f/f87d4778_1837_4923_a5b8_f35ef8318a5e.jpg)
সভাত ধেমাজি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত প্ৰশিক্ষক মোহন প্ৰসাদ, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শৰৎ ফুকন, ধেমাজি টেনিচ ক্লাৱৰ সম্পাদক ফটিক চুতীয়া, শিক্ষক গকুল চুতীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, হীৰেন দত্ত, জয়ন্ত কোচঁ, দেৱব্ৰত গগৈ, গজেন দত্ত, অংশুমান বুঢ়াগোহাঁই, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি মুন মুন শৰ্মা, ঋতুপৰ্ণা দেবী চুতীয়া, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, শিক্ষয়ত্ৰী দ্বয় অঞ্জলি চুতীয়া আৰু ৰূপজ্যোতি বড়াকে ধৰি ভালেসংখ্যক ধেমাজিৰ শুভাকাংক্ষী আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c332df37-3b07-4aac-b39a-062c080af79d/87fcdf8e_5dba_4491_a6b6_75ae1bd91f76.jpg)
Also Read: ঢকুৱাখনাত এছ পি আনন্দ মিশ্ৰৰ অভিযানত জব্দ শতাধিক বাইক...