খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা দিৱস উদযাপন

খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত খাগৰিজান মহাবিদ্যালয়ত ৫৬ সংখ্যক ৰাষ্ট্ৰীয় সেৱা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। খাগৰিজান মহাবিদ্যালয়ৰ NSSৰ গোটৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মইনুল হক আকণ্ডই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে ।

Advertisment

অধ্যক্ষ ড° নাথে ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভূমিকা আৰু নাগৰিকৰ কৰ্তব্য সম্পৰ্কে আলোকপাত কৰে । সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ড° বি কে বি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° কমল শইকীয়াই ।

ড০ শইকীয়াই মূখ্য অতিথিৰ ভাষণত উল্লেখ কৰে যে 'আধুনিক ভাৰত নিৰ্মাণত জৱাহৰলাল নেহৰুৰ ভূমিকা আছিল অনবদ্য ।' লগতে তেওঁ বক্তৃতাত NSS সম্পৰ্কেও বিতং ব্যাখ্যা আগবঢ়োৱাৰ লগতে কয় যে আমি প্ৰত্যেক ব্যক্তিয়ে আত্মশুদ্ধিৰ জৰিয়তে সমাজৰ উত্তৰণ ঘটাব পাৰিব ।

উল্লেখ্য যে খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° জোনাৰাম নাথ আৰু মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সমন্বিতে কৰ্মচাৰী বৃন্দ উপস্থিত থকা, সেৱা আঁচনিৰ সদস্য সকলে অভিবাদন প্ৰদান কৰা অনুষ্ঠানতটিত মহাবিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে ।

Also Read: চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগ : নগাঁও চি জে এম আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ

KHAGARIJAN COLLEGE National Service Day Bebejia