চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগ : নগাঁও চি জে এম আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ

বিভিন্ন জনৰ পৰা চাকৰি দিয়াৰ নামত আৰু অন্য কেতবোৰ কামৰ বাবদ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ
অগ্ৰণী খবৰ
অগ্ৰণী খবৰ
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : বিভিন্ন জনৰ পৰা চাকৰি দিয়াৰ নামত আৰু অন্য কেতবোৰ কামৰ বাবদ ১.৩০ হেজাৰ টকাৰ পৰা ১.৫০হেজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নগাঁও চি জে এম কৰ্টৰ এগৰাকী মহিলা কৰ্মচাৰীক। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ধৃত কৰ্মচাৰীগৰাকীৰ নাম ৰাজশ্ৰী দেৱী ।

অভিযোগ অনুসৰি,ধৃত মহিলাগৰাকীয়ে ৰিমি কলিতা কাকতি নামৰ আন এগৰাকী মহিলাৰ সৈতে নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল । ৰাজশ্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও ৰিমি কলিতা কাকতি বৰ্তমানেও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে অভিযুক্ত ৰাজশ্ৰী দেৱীক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

নগাঁও চি জে এম আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)পাৰ্থ প্ৰতীম শইকীয়াই সাংবাদিকৰ আগত কয়- "চি জে এম আদালতৰ কৰ্মচাৰী গৰাকীক ৪২০/৪০৬/৪৬৮ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ চাকৰি দিম বুলি ১.৩০-১.৫০ লাখ কৈ টকা লোৱা বুলি অভিযোগ উত্থাপিত হৈছে। তেওঁ নিজকে কৰ্টৰ বিষয়া,চাৰ্কোল অফিচাৰ বুলি পৰিচয় দিছিল বুলি অভিযোগ আছে। তেওঁক আমি জিম্মাত ল'ম।"

আনহাতে,আদালত চৌহদত ধৃত ৰাজশ্ৰী দেৱীয়ে নিজকে নিৰ্দোষী বুলি জাহিৰ কৰি সাংবাদিকৰ আগত কয়,"ৰিণি কাকতি কলিতাই টকা খাই মোক ফচাইছে। মই টকা খোৱা নাই। মোক সোধা-পোচাৰ বাবে আৰক্ষীয়ে মাতি আনিছে। মোৰ বিৰুদ্ধে কি অভিযোগ আছে তাকো মই নাজানো।"

প্ৰৱঞ্চনাৰ গোচৰত নগাঁও চি জে এম আদালতৰ দুগৰাকী মহিলা কৰ্মচাৰী অভিযুক্ত হোৱা, এগৰাকী অভিযুক্ত আৰক্ষীৰ জালত পৰা ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in