১৩ মে’ত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন...

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৩ মে’ত পুৱা ১০ বজাৰ পৰা নগাওঁ ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে
১৩ মে’ত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন...

ডিজিটেল সংবাদ,বেবেজীয়াঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৩ মে’ত পুৱা ১০ বজাৰ পৰা নগাওঁ ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে।

ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে, খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হব উক্ত ৰাষ্ট্ৰীয় লোক আদালতত।

তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল,বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জড়িয়তে ৷

ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাওঁ ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোক প্ৰক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিশ্ৰঙে আহ্বান জনাইছে ৷

উল্লেখযোগ্য যে, বৰ্তমানলৈকে বিভিন্ন বেংক আৰু এ.পি.ডি.ছি.এলৰ নিস্পতি নোহোবা বা অমীমাংসিত প্ৰায় ৬০৩৬ টা গোচৰ আৰু বিভিন্ন কৰ্টত নিস্পতি নোহোবা প্ৰায় ১৭৯৯ টা গোচৰ পঞ্জীয়ন হৈছে বুলি জিলা আইন সেৱা প্ৰাধীকাৰী নগাঁৱৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

১৩ মে’ত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন...
মীন আইন উলংঘা কৰি লালুক মাছ বজাৰত থলুৱা কণী যুক্ত মাছৰ মুকলি বিক্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in