মীন আইন উলংঘা কৰি লালুক মাছ বজাৰত থলুৱা কণী যুক্ত মাছৰ মুকলি বিক্ৰী...

মীন আইন উলংঘা কৰি লালুক দৈনিক মাছ বজাৰত একাংশ মাছ ব্যৱসায়ীয়ে থলুৱা কণীযুক্ত মাছ বজাৰলৈ আনি বিনাদ্বিধাই বিক্ৰী অব্যাহত ৰাখিছে ।
মীন আইন উলংঘা কৰি লালুক মাছ বজাৰত থলুৱা কণী যুক্ত মাছৰ মুকলি বিক্ৰী...

ডিজিটেল সংবাদ, লালুকঃ মীন আইন উলংঘা কৰি লালুক দৈনিক মাছ বজাৰত একাংশ মাছ ব্যৱসায়ীয়ে থলুৱা কণীযুক্ত মাছ বজাৰলৈ আনি বিনাদ্বিধাই বিক্ৰী অব্যাহত ৰাখিছে ।

মে’ মাহ পৰ্যন্ত থলুৱা মাছৰ পেটত কণী হয় আৰু আগন্তক বৰষুণৰ সময় অহাৰ লগে-লগেই সেই মাছে কণী পাৰে ৷ সেই কণীযুক্ত মাছ বিক্ৰী আৰু ধৰা বন্ধ ৰাখিবলৈ মীন বিভাগে নিৰ্দেশনা জাৰী কৰে ৷

কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে কণীযুক্ত মাছ বজাৰ খনত মুকলিমুৰিয়াকৈ বিক্ৰী কৰি থকা কাৰ্যই লালুকৰ সচেতন মহল উদিগ্ন হৈ পৰিছে ।

সম্প্ৰতি বজাৰ খনত কণীযুক্ত শিঙৰা, পুঠি, গৰৈ, মোৱা, খলিহনা আদি থলুৱা মাছ সমূহ ব্যবসায়ীয়ে অধিক দৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যবসায় চলাই আছে।

বজাৰ খনত বৰ্তমান শিঙৰা মাছৰ প্ৰতি কিলোগ্ৰামত ৮০০ টকা, পুঠি মাছৰ প্ৰতি কিলোগ্ৰামত ৪০০ টকা, গৰৌ মাছৰ ৫০০ টকা, মোৱা মাছৰ ৪০০টকা দৰত মাছ ব্যবসায়ী সকলে বিক্ৰী কৰি আছে ।

এই লৈ লালুকৰ সচেতন মহলে সংশ্লিষ্ট বিভাগক লালুক দৈনিক বজাৰত বিক্ৰী হৈ থকা কণীযুক্ত থলুৱা মাছ সমূহক বিক্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা নমনা ব্যবসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে।

এই সন্দৰ্ভত লালুক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বছৰৰ এই সময়ছোৱাত থলুৱা কণীযুক্ত মাছ বজাৰত বিক্ৰী হৈ থকাতো অতি দুভাৰ্গ্যজনক।

মাছ ব্যৱসায়ী সকলক মাছৰ উৎপাদানৰ প্ৰতি লক্ষ্য ৰাখি বজাৰখনত কণীযুক্ত মাছ বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে । লগতে মৎস্য প্ৰেমী ৰাইজক এই সময়ত থলুৱা কণীযুক্ত মাছ ক্ৰয় নকৰিবলৈও আহ্বান জনাইছে ।

ছাত্র নেতাগৰাকীয়ে কয় যে থলুৱা কণীযুক্ত মাছ সমূহ নিধন কৰাৰ বাবে আমাৰ স্থানীয় নৈ, বিল জলাশয় আদিত মাছৰ উৎপাদন হ্ৰাস পাই আহিছে । বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাছ বিক্ৰী কৰা সকলক থলোৱা কণীযুক্ত মাছ সমূহ বজাৰ বিক্ৰী নকৰিবলৈ দাবী জনাইছে৷

মীন আইন উলংঘা কৰি লালুক মাছ বজাৰত থলুৱা কণী যুক্ত মাছৰ মুকলি বিক্ৰী...
পৰ্টেল সাংবাদিকৰ পকেটত এছ পি-পুলিচ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in