নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃক্তানুষ্ঠান সম্পন্ন...

নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃক্তানুষ্ঠান সম্পন্ন...
নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃক্তানুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ নগাঁও: নগাঁও কলেজ (অট’নমাচ) ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্য্যোগত আৰু নগাঁও কলেজৰ দৰ্শন বিভাগৰ সহযোগত, ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ, উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ পৃষ্ঠপোষকতাত আজি নগাঁও কলেজ (অট’নমাচ) ত ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ “অমৃত কাল বিমৰ্ষঃ বিকশিত ভাৰত ২০৪৭” ৰ অধীনত ‘ভাৰতীয় দাৰ্শনিক চিন্তা আৰু নাৰীৰ স্থানঃ এক সংযোগ’ শীৰ্ষক বিষয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে মুম্বাই বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা তথা বিশিষ্ট গৱেষক, দৰ্শন বিষয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অধ্যাপিকা সুভাদা এ. যোশীয়ে। অধ্যাপিকা যোশীয়ে ভাৰতীয় ঐতিহ্যত নাৰীৰ স্থান সম্পৰ্কে ব্যাখ্যা কৰে।

প্ৰাচীন কাল আৰু আধুনিক কালত পৰিয়াল তথা সমাজ নিৰ্মাণত নাৰীয়ে কি ভূমিকা পালন কৰিছে সেই সম্পৰ্কে আলোকপাত কৰে। বেদ, ঊপনিষদৰ সময়ৰ পৰাই নাৰীক গৃহস্বামীনী হিচাপে স্বীকৃতি দিয়া হৈছে বুলিও উল্লেখ কৰে। অতীজৰে পৰা যুদ্ধ জয়ত নাৰীৰ ভূমিকা আৰু ক’ভিড মহামাৰীৰ যুদ্ধত নাৰীৰ অৱদানৰ কথা কৈও শলাগ লয়।

ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি তেওঁ চৰিত্ৰ নিৰ্মাণত বন্ধু মহলে এক গুৰুত্ব ভূমিকা পালন কৰে, সেয়ে বন্ধু মহল নিৰ্বাচন কৰোঁতে ছাত্ৰ-ছাত্ৰী অধিক সচেতন হোৱাটো বাঞ্চনীয় বুলি কয়। কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণী ভাষণত দৰ্শন বিষয়ৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰি নগাঁও কলেজ (অট’নমাচ) ক এই বক্তৃতানুষ্ঠানৰ বাবে নিৰ্বাচন কৰাৰ বাবে ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ, উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ সমন্বয়ক কালাৰী আই লিংডোয়ে ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদে ছাত্ৰ-ছাত্ৰী তথা সমাজত সজাগতা সৃষ্টি কৰিবলৈ আয়োজন কৰা বক্তৃতানুষ্ঠানৰ আলোকপাত কৰি ইয়াৰ প্ৰাসংগিকতাৰ কথাও ব্যক্ত কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠান আয়োজন কৰাৰ বাবে নগাঁও কলেজ (অট’নমাচ) ক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত অধ্যাপক-অধ্যাপিকাৰ লগতে অনা শিক্ষক কৰ্মচাৰী আৰু তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ড০ নৱপ্ৰসাদ নাথে শলাগৰ শৰাই আগবঢ়ায়।

নগাঁও কলেজ (অট’নমাচ)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃক্তানুষ্ঠান সম্পন্ন...
জয়ন্ত বৰুৱাৰ বাসগৃহত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in