ইডিৰ গোচৰত জেট এয়াৰৱেছৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক জামিন প্ৰদান...

স্বাস্থ্যজনিত কাৰণত ৭৫ বছৰীয়া গোৱেলক স্থায়ী জামিন ন্যায়ালয়ৰ

author-image
Asomiya Pratidin
New Update
ইডিৰ গোচৰত জেট এয়াৰৱেছৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক জামিন প্ৰদান...

ইডিৰ গোচৰত জেট এয়াৰৱেছৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক জামিন প্ৰদান...

ডিজিটেল ডেস্কঃ জেট এয়াৰৱেছৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক বম্বে উচ্চ ন্যায়ালয়ে আজি স্বাস্থ্যজনিত কাৰণত জামিন প্ৰদান কৰিছে। অবৈধ ধনৰ লেনদেনৰ গোচৰত কাৰাগাৰত আৱদ্ধ হৈ আছিল গোৱেল।

Advertisment

উল্লেখ্য যে, চলিত বছৰৰ মে' মাহত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন জে জামাদাৰে নৰেশ গোৱেলক স্বাস্থ্য জনিত কাৰণতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। আজি সেই একেগৰাকী ন্যায়াধীশে নৰেশ গোৱেলৰ স্বাস্থ্য জনিত অন্তৱৰ্তীকালীন জামিনক স্থায়ী জামিনলৈ পৰিবৰ্তন কৰে।

৭৫ বছৰীয়া নৰেশ গোৱেল কৰ্কট ৰোগত আক্ৰান্ত। তেওঁ অন্তৱৰ্তীকালীন জামিনত চিকিৎসা গ্ৰহণ কৰি আছিল। তাৰ পাছতো অৱশ্যে ইডিয়ে নৰেশ গোৱেলৰ এই জামিনৰ বিৰোধিতা কৰিছিল।

ইডিয়ে ন্যায়ালয়ক নৰেশ গোৱেলৰ জামিনৰ বিৰোধিতা কৰি কৈছিল তেওঁলোকৰ জিম্মাত থকাৰ সময়তে যনেদৰে বিচাৰে গোৱেলে তেনেকৈয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। যোৱা মে' মাহত ন্যায়ালয়ে প্ৰথমে দুমাহৰ বাবে গোৱেলক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

পাছত এই অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ চাৰি সপ্তাহলৈ আৰু তাৰ পাছত পুনৰ অতিৰিক্ত দুমাহলৈ বৃদ্ধি কৰা হৈছিল। ইডিয়ে গোৱেলক অবৈধ ধনৰ লেনদেনৰ গোচৰত ২০২৩ ৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল।

তাৰোপৰি ইডিয়ে গোৱেলৰ পত্নী অনিতা গোৱেলকো ২০২৩ ৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে তেওঁক সেই দিনাই ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। যোৱা ১৬ মে' ত তেওঁৰ মৃত্যু হৈছে।

Also Read: অসম্পূৰ্ণ মন্দিৰতে ভক্তক আশীৰ্বাদ দিছে ৰাম লালাই...

নৰেশ গোৱেল ই ডি