ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ কৰ্মশালা

নগাঁও জিলা পুথিভঁৰাল সভাগৃহত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ কৰ্মশালা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা পুথিভঁৰাল সভাগৃহত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কাৰ্যসূচীৰ অংশ হিচাপে লাচিত যুৱ বিকাশ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰ্মশালাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ৰাজ্যিক সদস্য ফনীন্দ্ৰ বুজৰবৰুৱাই।

Advertisment

অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ফাইলিছ হ্ৰাংগশ্বাল (Phyllis Hrangchal) য়ে শিশুসকলৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ বাবে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যি মহান কাৰ্যাৱলী আছে, সেইসমূহৰ প্ৰশংসা কৰে। লাচিত যুৱ বিকাশ কেন্দ্ৰৰ কৰ্মকৰ্তা ইন্দ্ৰজিৎ ভট্টাচাৰ্যই আঁতধৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ৰাজ্যিক সদস্যা বন্দনা চাচ'নি(Bandana Sasoni) আৰু ফনীন্দ্ৰ বুজৰবৰুৱাই শিশুৰ অধিকাৰসমূহ অধিক গুৰুত্বপূৰ্ণ। এই অধিকাৰে শিক্ষা, খেল- ধেমালি, শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য সকলোকে সামৰি লয়। সেয়েহে সঁচা অৰ্থত প্ৰতিটো শিশুৱে এই অধিকাৰসমূহ লাভ কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে সদায় কাৰ্যপন্থা হাতত লৈ আহিছে" বুলি মন্তব্য কৰে।

সভাত উপস্থিত থাকি নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে "বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত কৰ্মশালা।" প্ৰয়োজনীয়তা ওপৰত ভাষণ প্ৰদান কৰে। সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা জীৱন কৌশল(Life skills)ৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই চাইবাৰ সুৰক্ষা(cyber security) বিষয়ৰ বক্তৃতা প্ৰদান কৰি ডিজিটেল ফুটপ্ৰিন্ট, হেকিং আদিৰ বিশ্লেষণ কৰাৰ লগতে চাইবাৰ অপৰাধসমূহ যে কেৱল অৰ্থনৈতিক অপৰাধতে সীমাবদ্ধ নহয়। বৰ্তমান শিশুসকলেও ক্ৰমান্বয়ে অনলাইন উৎপীড়নৰ সন্মুখীন হৈছে। অভিভাৱকৰ নিৰ্দেশনা আৰু তত্ত্বাৱধান অবিহনে শিশুসকল ক্ৰমান্বয়ে বিভিন্ন চাইবাৰ উৎপীড়কৰ উৎপীড়নৰ সন্মুখীন হৈছে। সেই বিষয়ে আলোকপাত কৰে।

আন এগৰাকী অতিথি তথা জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্যই "সমাজ সুৰক্ষিত হ'লে দেশ প্ৰগতিৰ বাটত খোজ দিব- বুলি ভাষণ প্ৰদান কৰে। জিলা পৰ্য্যায়ত অনুষ্ঠিত কৰ্মশালাখনিত লাচিত যুৱ বিকাশ কেন্দ্ৰৰ সভাপতি বিশ্বজিৎ শৰ্মাকে প্ৰমুখ্য কৰি কৰ্মকৰ্তাসকল, নগাঁও জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সহ পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰে।

Also Read: হঠাৎ কিয় বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম...

nagaon National Commission for Protection of Child Rights