নগাঁৱত ৰাষ্ট্ৰীয় চাফাই কৰ্মী আয়োগৰ অধ্যক্ষ বৈঠক

সভাৰ আৰম্ভণিতে উপাধ্যক্ষা গৰাকীক জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ মহোদয়ে এখনি গামোচা আৰু এটি ফুলৰ থোপাৰে আদৰণি জনায়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৰাষ্ট্ৰীয় চাফাই কৰ্মী আয়োগৰ অধ্যক্ষ বৈঠক

ডিজিটেল সংবাদ, নগাঁওঃ বৃহস্পতিবাৰে আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা-কক্ষত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ উপাধ্যক্ষ অঞ্জনা পাৱাৰে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগীয় মুৰব্বী তথা চাফাই কৰ্মচাৰী আৰু চাফাই কৰ্মচাৰী সকলক প্ৰতিনিধিত্ব কৰা কেবাটাও সন্থাৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

Advertisment

সভাৰ আৰম্ভণিতে উপাধ্যক্ষা গৰাকীক জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ মহোদয়ে এখনি গামোচা আৰু এটি ফুলৰ থোপাৰে আদৰণি জনায়। আদৰণি ভাষণত আয়ুক্ত গৰাকীয়ে নগাঁও চহৰখনৰ লগতে জিলাখনৰ পৰিস্কাৰৰ ক্ষেত্ৰত চাফাই কৰ্মচাৰী সকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ।

পোন প্ৰথমতেই সভাক উদেশ্য কৰি উপাধ্যক্ষা গৰাকীয়ে উল্লেখ কৰে যে, চাফাই কৰ্মী সকলক সামাজিক আৰু আৰ্থিক ভাৱে সৱল কৰি সমাজৰ মূল খুঁটিৰ লগত এক কৰাই ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ মূল উদ্দেশ্য।

ভাৰত চৰকাৰৰ ধ্বজাবাহী পদক্ষেপ স্বচ্ছ ভাৰত অভিযানৰ সৈতে চাফাই কৰ্মচাৰীসকল প্ৰত্যক্ষভাৱে জড়িত। তেওঁ সভাত, মহামাৰী কভিডৰ সময়ত চাফাই কৰ্মচাৰী সকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে। তেওঁ চাফাই কৰ্মচাৰী সকলৰ ক্ষেত্ৰত ল'বলগীয়া যাৱতীয় ব্যৱস্থা যেনে - বতৰ অনুযায়ী আনুষ্ঠানিক পোছাক (Uniform), চাফাই কৰ্মচাৰী সকলৰ ত্ৰৈমাসীক স্বাস্থ্য পৰীক্ষা কৰা, চাফাই কৰ্মচাৰী সকলৰ পৰিচয় পত্ৰ প্ৰদান, চাফাই কৰ্মচাৰী সকলৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকীকৰণ কৰা দুটা কোঠাযুক্ত এটি গৃহ স্থাপন য'ত চাফাই কৰ্মচাৰী সকলে পোচাক সলাব পৰা সুবিধা, খোৱাপানীৰ ব্যৱস্থা মজুত থাকে ।

ইয়াৰ লগতে তেওঁ চাফাই কৰ্মচাৰীৰ আবাসীক এলেকাত এটা কমিউনিটি হ'ল নিৰ্মাণৰ কথা উল্লেখ কৰে য'ত এটা নিৰ্দিষ্ট পুথিভঁৰাল কক্ষ থাকিব আৰু কমিউনিটি হলটো কৰ্মচাৰীসকলে যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।

উপাধ্যক্ষা গৰাকীয়ে, চাফাই কৰ্মচাৰীসকলৰ স্থায়ী নিযুক্তিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ আৰু আইন অনুসৰি নূন্যতম মজুৰি আদায় দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ঘোষণা কৰে যে, এই বছৰৰ মাৰ্চ মাহৰ ভিতৰত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড আদিৰ বাবে এতিয়াও পঞ্জীয়ন কৰিবলৈ ৰৈ যোৱা চাফাই কৰ্মচাৰীসকলৰ পঞ্জীয়নৰ বাবে তেওঁলোকৰ আবাসীক এলেকাত বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ’ব।

সভাত উপাধ্যক্ষা গৰাকীয়ে চাফাই কৰ্মচাৰী সকলৰ বিভিন্ন অভাৱ-অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগত নিয়োজিত চাফাই কৰ্মচাৰীৰ বিষয়ে বিভাগীয় মুৰব্বী সকলৰ পৰা বুজ লয়। পাৱাৰে ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম(NSKFDC)ৰ জৰিয়তে চাফাই কৰ্মচাৰী সকলে লাভ কৰিব পৰা ঋণৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত(সমাজ কল্যাণ), অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ), নগাঁও, ধিং, ৰহা, কামপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া সকল, বিভিন্ন সংশ্লিষ্ট বিভাগৰ মুৰব্বী, চাফাই কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি, নগাঁও জিলা অনুসূচীত জাতি পৰিষদৰ প্ৰতিনিধিকে প্ৰমুখ্য কৰি জিলাখনৰ বহু চাফাই কৰ্মী উপস্থিত থাকে ।

Also Read: বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

nagaon National Cleaners Commission Commissioner office