বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

author-image
Asomiya Pratidin
New Update
বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৮০ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ আৰিমত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাগাঁ‌ৱত নিৰ্মাণ হ'বলগীয়া বালাগাওঁ উপ-স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থানীয় বিধায়ক ভৱেশ কলিতাই স্থাপন কৰে। এই উপ স্বাস্থ্য কেন্দ্ৰটি অহা ১৫ আগষ্টৰ দিনা শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাৰ্থে উৎসৰ্গা কৰিব বুলি বালাগাঁৱবাসী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে।

Advertisment

উল্লেখ্য যে বিধায়কগৰাকীয়ে বালাগাঁৱবাসী ৰাইজৰ মনৰ বুজ লোৱাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ নৱতম সংযোজন এই উপ-স্বাস্থ্য কেন্দ্ৰটিয়ে জনসাধাৰণৰ সু-স্বাস্থ্য নিশ্চিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও লগতে উল্লেখ কৰে ।

Also Read: কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন

bhabesh kalita rangia