/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/66ed58bd-453a-42ed-b481-f624593f15af/Bihu_Satra.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মুকলি নসত্ৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত মুকলি নসত্ৰ পুৰণি কীৰ্ত্তনঘৰৰ চোতালত শণিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ব'হাগী বিদায় উৎসৱ। পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলনৰ পাছত বিয়লি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু ৰঙালীৰ ৰং শীৰ্ষক এটি শিশু অনুষ্ঠান অনুষ্ঠিত হয়।
নিশা লৈ অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। জিতুমণি বৰাই আঁত ধৰা অনুষ্ঠানটিত সমিতিৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ বৰা, বিপুল বৰা, লক্ষেশ্বৰ বৰুৱা, শচীন্দ্ৰ বৰা, সভাপতি তৰুণ বৰা, সম্পাদক শ্যাম জ্যোতি বৰা, তৃষ্ণাশ্ৰী বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। পাছত উৰে নিশা জুৰি অনুষ্ঠিত হয় একক আধুনিক নৃত্য প্ৰতিযোগিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a882e829-24d9-4c44-8235-c31f74c41c01/WhatsApp_Image_2023_05_14_at_11_54_13_AM.jpeg)
শিল্পী সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু মমী বৰাই বিচাৰকৰ আসন গ্ৰহণ কৰা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জ্যোতি প্ৰসাদ বৰুৱা, দ্বিতীয় স্থান লাভ কৰে পংখী দাস, তৃতীয় স্থান লাভ কৰে ৰিম্পি দাস, চতুৰ্থ স্থান লাভ কৰে বিদ্যুত জোনাক বৰুৱাই। লগতে দুৰ্জিতা বৰা, গৰিয়সী বৰা , আস্থা বৰা, জিনা ৰস্মি শইকীয়া, নিহাশ্ৰী বৰা, জাগৃতি ডেকা আৰু জশ্বিতা বৰাক নিচুকনি বঁটা প্ৰদান কৰা হয়।
Also Read: ফাট বিহুত দেহৰক্ষীকো ধুতি পিন্ধালে মুখ্যমন্ত্ৰীয়ে...