ডিজিটেল সংবাদ,বটদ্ৰৱাঃ লাভ জেহাদ সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যক কঠোৰ সমালোচনা বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ। গোস্বামীয়ে প্ৰশ্ন কৰে যে, ককাদেউতাকে সপোনত নেদেখোওৱা হ'লে তেওঁ ক্ষমা নিবিচাৰিলেহেতেন নেকি ? ভূপেন বৰাৰ ভুলৰ অনুসূচনা এতিয়াও হোৱা নাই বুলি মন্তব্য কৰে।
লগতে তেওঁ কয় যে, সংবাদমেলত পেন্ট চাৰ্ট পিন্ধি ঘোষা গাই ক্ষমা বিচৰাটো কেনে ধৰণৰ নিয়ম ? তিনি বস্ত্ৰ পৰিধান কৰি সত্ৰ-নামঘৰত ঘোষা গাই অসমবাসীক ক্ষমা খোজক ভূপেন বৰাই। লগতে তেওঁ ৰাজনৈতিক ব্যক্তিয়ে অকল হিন্দুৱে নহয়, খৃষ্টান, বৌদ্ধ, ইছলাম সকলো ধৰ্মৰ ধৰ্মগ্ৰন্থ, উদ্ধৃতি অপব্যাখ্যা পৰিহাৰ কৰিব লাগে বুলি উল্লেখ কৰে।