আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস : কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত শতাধিক বাঘ বিচৰণৰ তথ্য

আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস : কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত শতাধিক বাঘ বিচৰণৰ তথ্য

author-image
Asomiya Pratidin
New Update
আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস : কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত শতাধিক বাঘ বিচৰণৰ তথ্য

ডিজিটেল সংবাদ,কাজিৰঙা : আজি ২৯ জুলাই,আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস ৷ বাঘ সংৰক্ষণ সজাগতাৰ বাবে প্ৰতি বছৰে ২৯ জুলাই দিনটো আন্তৰ্জাতিক বাঘ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

Advertisment

উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমে বিশেষ অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বিশেষকৈ মানাহ আৰু কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পানবাৰী, বাগছে ,কুকুৰা কাটা সংৰক্ষিত বনাঞ্চলৰ উপৰি নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ অন্তৰ্গত লাওখোৱা বুঢ়াচাপৰি বনাঞ্চলক সামৰি ২০০৭ চনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰিছিল ৷ বৰ্তমান কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ পৰিসীমা প্ৰায় ১৩০০ বৰ্গকিলোমিটাৰ ৷

শেহতীয়া গণনাত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত ১২১ ৰ পৰা ১৩১ টা বাঘৰ বিচৰণৰ তথ্য পোৱা গৈছে ৷ অৱশ্যে বাঘৰ সংখ্যা ১৪০ টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

আনহাতে কাজিৰঙাত পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বাঘ ৷ গঁড়কেন্দ্ৰিক কাজিৰঙাৰ পৰ্যটনত অন্যান্য জীৱ-জন্তু প্ৰত্যক্ষ কৰিবলৈ অহা পৰ্যটকে লৈ আহে বাঘ চোৱাৰ অদম্য আশা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিগত পৰ্যটন বৰ্ষত বহু দেশী-বিদেশী পৰ্যটকৰ স্বচক্ষে বাঘ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছে ৷

একেলগে ৩টা পৰ্যন্ত বাঘ দেখা পাইছে পৰ্যটকে ৷ এই ক্ষেত্ৰত টুৰিষ্ট গাইডসকলৰো থাকে পৰ্যটকক সন্তুষ্ট কৰাৰ চেষ্টা ৷

Also Read: আজি মণিপুৰলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ

kaziranga national park International Tiger Day