আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বঢ়মপুৰ অন্ধ বিদ্যালয় পৰিদৰ্শন

আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বঢ়মপুৰ অন্ধ বিদ্যালয় পৰিদৰ্শন

author-image
Asomiya Pratidin
New Update
আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বঢ়মপুৰ অন্ধ বিদ্যালয় পৰিদৰ্শন

ডিজিটেল সংবাদ,বঢ়মপুৰঃ সোমবাৰে বিয়লি বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ।বিদ্যালয়খনৰ বিভিন্ন সমস্যা সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষ আৰু মিশ্যনৰ কৰ্মকতাসকলৰ লগত আলোচনা কৰাৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

Advertisment

উপায়ুক্তই বিদ্যালয়খনৰ খাদ্য-পানী,শৌচাগাৰ,খেল-ধেমালিৰ সামগ্ৰী,পাঠ্যপুথি আদি সম্পৰ্কে বুজ লোৱাৰ উপৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি,ছাত্ৰ-ছাত্ৰীৰ আৱাস আদি পৰিদৰ্শন কৰে। আয়ুক্তই বিদ্যালয়খনত আজি তৎকালীনভাৱে খোৱাপানীৰ সু-ব্যৱস্থা , দিব্যাংগ শিক্ষক-শিক্ষয়িত্রীৰ অনুপাত বৃদ্ধি কৰা,ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেলা-ধূলা আৰু সংগীতৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সামগ্ৰীৰ যোগান ধৰাৰ আশ্বাস দিয়াৰ লগতে বিদ্যালয়খনত এটি নতুন ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে।

ইয়াৰ পাছতে তেওঁ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰ বুজ লয়।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে অধ্যয়ন কৰি সমাজৰ এজন সু-নাগৰিক হ'বলৈ আহ্বান জনায়।আয়ুক্তগৰাকীৰ সন্মুখত আজি বিদ্যালয়ৰ ছাত্ৰী ক্ৰমে লতিকা দাসে এটি ভূপেন্দ্ৰ সংগীত আৰু ফুলেশ্বৰী দেৱীয়ে কবিতা পাঠ কৰে।

আজি আয়ুক্তৰ এই পৰিদৰ্শনত সংগ দিয়ে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ফিল্লিপছ এইচ এল.ৰাংছলে।অনুষ্ঠানত শ্ৰীমন্ত শংকৰ মিশ্যনৰ সম্পাদক বল্লদেৱ শৰ্মা , বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰা,পৰিচালনা সমিতিৰ সভাপতি গিৰিশ কলিতাকে প্ৰমুখ্যে কৰি বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

Also Read: পথ সুৰক্ষাক লৈ হাটশিঙিমাৰীত এনএছএছৰ বাটৰ নাট প্ৰদৰ্শন

nagaon barhampur blind school Narendra Kumar Shah