নসত্ৰ মুকলি গাঁও পুৰণি নামঘৰৰ নৱনিৰ্মিত বাটচ'ৰাৰ দ্বাৰ মুকলি

নসত্ৰ মুকলি গাঁও পুৰণি নামঘৰৰ নৱনিৰ্মিত বাটচ'ৰাৰ দ্বাৰ মুকলি

ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰ মুকলি গাঁও পুৰণি নামঘৰৰ নৱনিৰ্মিত বাটচ'ৰাৰ দ্বাৰ মুকলি অনুষ্ঠানটি মাংগলিক কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। প্ৰয়াত সমাজকৰ্মী ঘনশ্যাম বৰাৰ স্মৃতিত তেখেতৰ ভাৰ্য্যা সন্ধ্যা শইকীয়াই সুন্দৰকৈ বাটচ'ৰাটি নিৰ্মাণ কৰি বুধবাৰে ৰাইজৰ বাবে উৎসৰ্গা কৰে।

বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত খোল,তাল আৰু মাংগলিক উৰুলিৰ ধ্বনিৰ মাজেৰে বাটচ'ৰাৰ দ্বাৰ মুকলি কৰে দীঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলা কান্ত মহন্তই। বাটচ'ৰাৰ মুকলিৰ পূৰ্বে প্ৰয়াত ঘনশ্যাম বৰাৰ পৰিয়ালবৰ্গ হৈ ভাগ্য জ্যোতি গায়নে সত্ৰাধিকাৰ লীলা কান্ত মহন্তক গামোচা, চেলেঙৰে সম্বৰ্ধনা জনায়।

খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ আদি মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত আইভেটি শ'লগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ঘনকান্ত মহন্ত, ৰুদ্ৰ বৰা, ভূৰাম বৰা, গিৰিশ বৰা, লক্ষেশ্বৰ বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

নসত্ৰ মুকলি গাঁও পুৰণি নামঘৰৰ নৱনিৰ্মিত বাটচ'ৰাৰ দ্বাৰ মুকলি
কানপুৰৰ ১০খন বিদ্যালয়ত বোমা ! ই-মেইলযোগে ভাবুকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in