নিজ কঠীয়াতলী ঈদগাহ ময়দানত নামাজ আদায়

নিজ কঠীয়াতলী ঈদগাহ ময়দানত নামাজ আদায়

author-image
Asomiya Pratidin
New Update
নিজ কঠীয়াতলী ঈদগাহ ময়দানত নামাজ আদায়

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,কঠীয়াতলীঃ নগাঁও জিলাৰ নিজ কঠীয়াতলীত ঈদগাহ ময়দানত প্ৰায় এটা মাহধৰি ৰোজাৰ অন্তত বৃহস্পতিবাৰে পৱিত্ৰ ঈদ উল ফিটৰ নামাজ আদায় কৰা হয়। পুৱাৰ পৰা নামাজগ্ৰহণৰ বাবে ঈদগাহসমূহত বহুসংখ্যক ইছলামধৰ্মী লোকৰ সমাগম ঘটে।

Advertisment

সমগ্ৰ দেশৰ লগতে নিজ কঠীয়াতলী অঞ্চলৰ অঞ্চলিক ঈদগাহ ময়দানত পুৱাৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উল্লেখ যে নিজ কঠীয়াতলী ঈদগাহত প্ৰতিবছৰৰ দৰে এইবেলিও ঈদৰ নামাজত হিন্দুলোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Also Read: প্ৰদ্যুৎ বৰদলৈৰ সংগত নাই নগাঁও জিলা ইটা ভাটা মালিক সন্থা !

Kathiyatoli eid ul fitr