প্ৰদ্যুৎ বৰদলৈৰ সংগত নাই নগাঁও জিলা ইটা ভাটা মালিক সন্থা !

৪৬ টা ভাটাৰ প্ৰায় ২৩ হাজাৰ বনুৱাক বিজেপিক ভোট দিবলৈ আদেশ ইটা ভাটা মালিক সন্থাৰ

author-image
Asomiya Pratidin
New Update
প্ৰদ্যুৎ বৰদলৈৰ সংগত নাই নগাঁও জিলা ইটা ভাটা মালিক সন্থা !

ডিজিটেল সংবাদ,নগাঁও : আসন্ন লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ পক্ষত নথকাৰ সিদ্ধান্তগ্ৰহণ কৰিছে নগাঁও জিলা ইটা ভাটা মালিক সন্থাই। বিপৰীতে মালিক সন্থাই কৰ্মীসকলক বিজেপি প্ৰাৰ্থীক ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২দিন আগেয়ে লাওগাঁও পঞ্চায়তৰ এখন নিৰ্বাচনী সভাত প্ৰদ্যুৎ বৰদলৈয়ে জিলাখনৰ ইটা ভাটা আৰু চুপাৰি মালিক সন্থাক বিজেপি দলৰ প্ৰাৰ্থী তথা সুৰেশ বৰাই নিৰ্বাচনলৈ ধন দাবী, ভয় ভাবুকিৰে আৰু এনকাউন্টাৰৰ ভয় দেখুৱাই ভোট আদায়ৰ চেষ্টা কৰা কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল বুলি এক সূত্ৰত প্ৰকাশ। এই সন্দৰ্ভত মালিক সন্থাই উল্লেখ কৰে যে- বৰদলৈয়ে এয়া মিছা মাতিছে। লগতে নগাঁও সংখ্যালঘু অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক প্ৰৱেশত বাধা দিয়া হ'ব বুলি উল্লেখ কৰে।

আনহাতে অনাগত দিনত আইনৰ কাষ চাপিব বুলিও নগাঁও জিলা ইটা ভাটা মালিক সন্থাই হুংকাৰ প্ৰদান কৰে ।

পবিত্ৰ ঈদৰ দিনটোত মালিক সন্থাই এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদ্যুৎ বৰদলৈক উভতি ধৰি এই নিৰ্বাচনত জিলাখনৰ ৪৬ টা ইটা ভাটাৰ ২৩ হাজাৰ বনুৱাক চৰকাৰক সমৰ্থন জনাবলৈ মুকলি আদেশ দিয়ে।

Also Read: তেজপুৰত আপৰ বিশাল ৰোড শ্ব'ত আতিশী

Pradyut Bordalai LOKSABHA 2024