নগাঁও জিলাৰ ন-মাটি গাঁৱৰ যুৰীয়া নামঘৰত অখণ্ড ভাগৱত পাঠ...

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ন-মাটি গাঁৱৰ যুৰীয়া নামঘৰত শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত এই মন্তব্য প্ৰদান কৰে সত্ৰীয়া শিল্পী প্ৰণৱ প্ৰাণ গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাৰ ন-মাটি গাঁৱৰ যুৰীয়া নামঘৰত অখণ্ড ভাগৱত পাঠ...

ডিজিটেল সংবাদ, নগাঁও: "পৃথিৱীত আন কোনো সভ্য জাতিৰ এনে গ্ৰন্থ নাই সঁচাকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুক মুখ বিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস।"-এই মন্তব্য বৈষ্ণৱ পণ্ডিত তথা যোৰহাট সাউদ কুচি সত্ৰৰ সত্ৰীয়া শিল্পী প্ৰণৱ প্ৰাণ গোস্বামীৰ।

Advertisment

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ন-মাটি গাঁৱৰ যুৰীয়া নামঘৰত শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত এই মন্তব্য প্ৰদান কৰে সত্ৰীয়া শিল্পী প্ৰণৱ প্ৰাণ গোস্বামীয়ে । একাদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উপলক্ষে নমাটি গাঁৱত শুকুৰবাৰৰ পুৱাৰে পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। পুৱা ৬ বজাত প্ৰাতঃপ্ৰসংগ পৰিচালনা কৰে কমল ৰাজবংশীয়ে। পুৱা ৭ বজাত ক্ষিতেশ্বৰ বৰাৰ তত্বাৱধানত পৰিবেশ নিকাকৰণ কৰা হয়, ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে বীৰেন কুমাৰ বৰাই আৰু স্মৃতি তৰ্পন কৰে নীলকান্ত বৰুৱাই।

ইয়াৰ পাছতে পুৱা ১০ বজাত প্ৰসাদ অৰ্চন কৰে দয়াৰাম মেধিয়ে। ১২ বজাত বিচিত্ৰ মোহন ডেকাৰ পৰিচালনাত নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। তিনি বজাত ৰেৱত বৰুৱা, ৰাজু মনি ডেকা, বলীন্দ্ৰ বৰা, প্ৰাঞ্জল ডেকাকে আদি কৰি ন-মাটি গাঁৱৰ ভকত বৈষ্ণৱ, আইমাতৃ সকলৰ উপস্থিতিত ভাগৱত স্থাপন আৰু শ্ৰৱন কীৰ্ত্তন আৰম্ভ হয়।

আনহাতে অহা ৯ এপ্ৰিলত ভাগৱত পাঠ সামৰণিৰ লগে লগে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সমিতিৰ লোকে। উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা সাংস্কৃতিক কৰ্মী ৰাজীৱ দত্তই। আনহাতে ভাগৱত পাঠ সামৰণিৰ পিছৰ দিনা অৰ্থাৎ ১০ এপ্ৰিলৰ নিশা ন-মাটি গাঁৱৰ ৰাইজে পৰিৱেশন কৰিব "চিত্ৰাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা" শীৰ্ষক নাটক।

Also Read: জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজিছে এটি কণমানি...

mohan bhagawat