জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজিছে এটি কণমানি...

জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজিছে কণমানি ৰক্তিম অস্ত্ৰোপচাৰৰ বাবে অৰ্থ বিচাৰি হাহাকাৰ দৰিদ্ৰ পিতৃ-মাতৃৰ

author-image
Asomiya Pratidin
New Update
জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজিছে এটি কণমানি...

ডিজিটেল সংবাদ, বঢ়মপুৰ : জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ কৰিছে ননৈৰ এটি কণমানি শিশুৱে। জন্মৰ মাত্ৰ ৬ মাহতে জটিল ৰোগত আক্ৰান্ত হোৱা দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ শিশুটিয়ে বুজা নাই তাৰ জীৱনলৈ অহা ভাবুকিৰ কথা। নগাঁও জিলাৰ ননৈ ভাটি শ'লমাৰী গাঁৱৰ তেল ডিপোত এজন কৰ্মচাৰী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা দীপক বৰা আৰু কবিতা বৰুৱাৰ একমাত্ৰ সন্তান ৰক্তিম বৰাই হাওঁফাওঁৰ এক জটিল ৰোগত আক্রান্ত হৈ বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত আই চি ইউত চিকিৎসাধীন হৈ আছে ।

Advertisment

যাৰ ফলত ৮ বছৰৰ অন্তত সন্তানৰ সুখ লাভ কৰা পৰিয়ালটোয়ে দেৱশিশুটিৰ এই অৱস্থাত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসকৰ মতে শিশুটিৰ জীৱন ৰক্ষাৰ বাবে জৰুৰীভাৱে গুৱাহাটীলৈ নি অস্ত্ৰোপচাৰ তথা উন্নত চিকিৎসা কৰাৰ প্ৰয়োজন । বুজন পৰিমাণৰ ধনৰ অবিহনে সম্ভৱ নহয় ৰক্তিমৰ জীৱন দান । দুবেলা-দুমুঠি খাই যেনে-তেনে চলি থকা পৰিয়ালটোৱে এতিয়া নিজৰ একমাত্ৰ সন্তানটিৰ অস্ত্ৰোপচাৰৰ বাবে অৰ্থৰ অভাৱত অসহায় হৈ দিকবিদিক হেৰুৱাই পেলাইছে ।

কণমানি ৰক্তিমৰ দৰিদ্ৰ পিতৃ-মাতৃ আৰু স্থানীয় লোকে অসমবাসী সদাশয় হৃদয়বান লোক আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰীক তেওঁলোকৰ শিশুটিক এই পৃথিৱীত জীয়াই ৰখাত সহায় কৰিবলৈ কাতৰ আহ্বান জনায়। এনে এক জটিল পৰিস্থিতিত দেৱশিশুটিক সহায় কৰিব বিচৰা মানৱদৰদী লোকসকলে ৰক্তিমৰ পিতৃৰ নগাঁও শাখাৰ ৪১০২২৩৭৯৯৫১ৰ নম্বৰৰ এছ বি আই একাউন্ট নম্বৰত অথবা ফোন আৰু গুগ'ল পে নম্বৰ - ৮০৯৯৯৫৬২০০ ত যোগাযোগ কৰিব পাৰিব।

Also Read: অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

ASSAM GOVERNMENT assam health and family welfare