নলতলী-নাৰেংগী সংযোগী পথত অশুভ শক্তিৰ বিনাশৰ বাবে বাট নাম

নলতলী-নাৰেংগী সংযোগী পথত অশুভ শক্তিৰ বিনাশৰ বাবে বাট নাম

ডিজিটেল সংবাদ, বেবেজীয়াঃ নলতলি-নাৰেংগী সংযোগী ৰাজ্যিক ঘাই পথত ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষকৈ ৰাজ্যিক ঘাইপথটোৰ খালৈগাঁৱৰ অংশত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে। বিগত ২০২৩ বৰ্ষৰ শেষৰ ফালৰ পৰা ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত খালৈগাঁও অঞ্চলত সংঘটিত বিভিন্ন পথ দুৰ্ঘটনাত দহজনৰো অধিক লোকৰ প্ৰাণহানি হৈছে। এই ঘটনাই গঞা ৰাইজক আতংকিত কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিত মঙ্গলবাৰে দুপৰীয়া গোঁসাইবৰি, ৰহঢলা, কাকমাৰী, এফলীয়াবৰি, খালৈগাঁও অঞ্চলৰ সকলো মহিলাই সন্মিলিতভাৱে সঘন দুৰ্ঘটনা হোৱা পথটোত নাম কীৰ্তন কৰে।

পথ দুৰ্ঘটনা যাতে আৰু নহয় আৰু আগলৈ যাতে কোনো লোকৰ দুৰ্ঘটনাত অকাল মৃত্যু নহয় তাৰ বাবে ইষ্ট দেৱতাক কাকুতি কৰি ন-মাটিৰ পৰা গোঁসাইবৰি লৈকে বাটে-বাটে নাম গাই মহিলাসকলে। প্ৰায় তিনি কিলোমিটাৰ পথ জুৰি চাপৰি বজাই শতাধিক মহিলাই নাম গালে । অঞ্চলটোৰ মহিলাসকলে অশুভ শক্তিৰ বিনাশৰ বাবে পথ দুৰ্ঘটনা ৰোধৰ বাবে আজি দুপৰীয়া পথে পথে নাম কীৰ্তন কৰি থকা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ মহিলা সকলে দুৰ্ঘটনা প্ৰৱণ এলেকাত গতিৰোধক নিৰ্মাণৰো দাবী জনায় ।

নলতলী-নাৰেংগী সংযোগী পথত অশুভ শক্তিৰ বিনাশৰ বাবে বাট নাম
কংগ্ৰেছৰ ১, বিজেপিৰ ২ জন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৰাজ্যসভালৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in