নগাঁৱত নিছাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু পৰিত্ৰাণৰ উপায়কলৈ সজাগতা অনুষ্ঠান...

ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ উদ্যোগত এবিআৰচি ফাউণ্ডেশ্যনৰ সহযোগত অগৌৰা ৰিজৰ্টত "মদ আৰু ড্ৰাগছৰ অসৎ ব্যৱহাৰ, অপকাৰিতা আৰু পৰিত্ৰাণৰ উপায়" শীৰ্ষক সজাগতা অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
নগাঁৱত নিছাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু পৰিত্ৰাণৰ উপায়কলৈ সজাগতা অনুষ্ঠান...

ডিজিটেল সংবাদ, বটদ্ৰৱা : ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতাল(SIMS MULTI SPECIALITY HOSPITAL) নগাঁৱৰ উদ্যোগত এবিআৰচি ফাউণ্ডেশ্যনৰ সহযোগত সোমবাৰে সন্ধ্যা নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানি পথত থকা অগৌৰা ৰিজৰ্টত "মদ আৰু ড্ৰাগছৰ অসৎ ব্যৱহাৰ, অপকাৰিতা আৰু পৰিত্ৰাণৰ উপায়" শীৰ্ষক এটি সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা০ অজিৎ গোস্বামীয়ে।

Advertisment

ডা০ গোস্বামীয়ে "ড্ৰাগছৰ হে আসক্তি হয়, চকলেট, ৰুটি, পিঠাৰ আসক্তি কেতিয়াও নহয়। আসক্তিৰ ফলত ব্ৰেইনৰ ছিগনেলত প্ৰথমে ড্ৰাগছ সোমাই যায়। লাহে লাহে শাৰিৰীক-মানসিক ভাৱে অসুস্থ হয়, শেষত কৰুণ মৃত্যুক আঁকোৱালি লয়। ড্ৰাগছ সেৱনৰ ফলত দুৰ্বলতা পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে।" বুলি মত প্ৰকাশ কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডা০ এছ এম জোনেইডে "এলকহল সকলো বেমাৰৰ বাবেই ক্ষতিকাৰক। চুগাৰৰ বাঢ়িলে ডাইবেটিচ নহয়। চুগাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকি অনিয়ন্ত্ৰিত হৈ ডাইবেটিচ হয়। আমাৰ দেশত যিদৰে ডাইবেটিচ ৰোগী বৃদ্ধি পাইছে, এসময়ত ৰোগীয়ে ডাক্তৰক বিচাৰি নাপাব।" বুলি কোৱাৰ লগতে ইউৰোপৰ বহু দেশৰ জনসংখ্যাতকৈ আমাৰ দেশৰ ডাইবেটিচ ৰোগী অধিক বুলি তাৎপৰ্যপূৰ্ণ তথ্য দাঙি ধৰে।

ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ চিকিৎসা অধীক্ষক ডা০ হিমাংশু বৈশ্য, চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্ৰ নাথ, চৰাইবাহী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ, মিকিৰভেটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি প্ৰমোদ শৰ্মা, চাবুকধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰুণ চন্দ্ৰ বৰদলৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী জোনালী গোস্বামী, এবিআৰচি ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক অংকুৰ কলিতাকে আদি কৰি চৰাইবাহী, বাৰপূজীয়া, বৰভগীয়া অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে।

Also Read: ৰাজগড়ৰ জলবিস্ফোৰণ সন্দৰ্ভত মন্ত্রী অশোক সিংঘালৰ সংবাদমেল...

GOVT OF ASSAM