নগাঁৱৰ আয়ান আকাশ-সুবোধ কুমাৰ দাসে গঢ়িলে বিশ্ব ৰেকৰ্ড

মাত্ৰ ২ মিনিট ৪৮চেকেণ্ডত ২০খন দেশৰ পতাকা অংকন কৰি cholan book of world recordsত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়
নগাঁৱৰ আয়ান আকাশ-সুবোধ কুমাৰ দাসে গঢ়িলে বিশ্ব ৰেকৰ্ড

ডিজিটেল সংবাদ,নগাঁওঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ এগৰাকী কণমানিৰ লগতে এগৰাকী শিক্ষক। তৃতীয় শ্ৰেণীত অধ্যয়নৰত নগাঁৱৰ কণমানি ছাত্ৰ আয়ান আকাশ মেধিয়ে নিজৰ প্ৰতিভাৰ জৰিয়তে বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হয়।

কণমানি ছাত্ৰ আয়ান আকাশে মাত্ৰ ২ মিনিট ৪৮চেকেণ্ডত ২০খন দেশৰ পতাকা অংকন কৰি cholan book of world recordsত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। নগাঁৱৰ ডিমৰুগুৰিস্থিত ৰেডিয়েন্ট একাডেমীৰ ছাত্ৰ আয়ান আকাশে ইমান কম সময়তে ২০খন দেশৰ পতাকা অংকন কৰা বাবে দেওবাৰে cholan book of world records কৰ্তৃপক্ষই তেওঁক নগাঁৱৰ ডিমৰুগুৰিত Worlds Recordsৰ সন্মান প্ৰদান কৰে।

আনহাতে নগাঁৱৰ দক্ষিণপাটৰ সুবোধ কুমাৰ দাসে ১৮০০শ শব্দৰে এটা বাক্য লিখি London book of World recordsত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে সুবোধ কুমাৰ দাস যোৰহাটৰ গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক।

এই গৰাকী শিক্ষককো তেওঁৰ বিৰল প্ৰতিভাৰ বাবে London book of World recordsৰ কৰ্তৃপক্ষই নগাঁৱৰ ডিমৰুগুৰিত উপস্থিত হৈ World Records ৰ সন্মান প্ৰদান কৰে।

নগাঁৱৰ আয়ান আকাশ-সুবোধ কুমাৰ দাসে গঢ়িলে বিশ্ব ৰেকৰ্ড
টুপীয়া-পাঁচগাঁও ব'হাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in