টুপীয়া-পাঁচগাঁও ব'হাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন

সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্ধোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই
টুপীয়া-পাঁচগাঁও ব'হাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া-পাচঁগাঁও ব'হাগী মেলাৰ আয়োজন। ব'হাগী মেলাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে অহা ৮,৯ আৰু ১০ মে'ত অনুষ্ঠিত হ'ব সোণালী জয়ন্তীৰ মূল কাৰ্যসূচী ৷ ৮মে'ত অনুষ্ঠিত হ'বলগা সাহিত্য প্ৰতিযোগিতাৰ অন্তত ৯ মে'ৰ পুৱা বাৰেবৰণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্ধোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই ৷

এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনায় ৷ শোভাযাত্ৰাৰ অন্তত স্মৃতিগ্ৰন্থ উন্মোচন,ভেশচন প্ৰতিযোগিতা,মূল সভা আৰু নিশালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ ৷

আনহাতে ১০ মে'ৰ পুৱা আলোচনা চক্ৰৰ অন্তত অনুষ্ঠিত হ'ব জী-জোঁৱাই সন্মিলন ৷ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'ব বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ৷

সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই। টুপিয়া-পাঁচগাঁও বিহু মেলা উদযাপন সমিতিয়ে অনুষ্ঠানৰ সমূহ কাৰ্য্যসূচীতে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰে ৷

টুপীয়া-পাঁচগাঁও ব'হাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন
মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী : গ্ৰেপ্তাৰ দুই কিশোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in