নগাঁৱত "বিশ্ব মানসিক স্বাস্থ্য দিৱস" উদযাপন

নগাঁৱত "বিশ্ব মানসিক স্বাস্থ্য দিৱস" উদযাপন

ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে মঙলবাৰে নগাঁও জিলাতো বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। সেই উপলক্ষে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰে। পুৱা ৯:৩০ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এটি সজাগতা মূলক শোভাযাত্ৰা ।

উক্ত শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ভূপেন বৰাই ৷ তেওঁক সহযোগিতা আগবঢ়াই বিপি চিভিল হাস্পতালৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে। শোভাযাত্ৰাটিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অধ্যয়নৰত এ এন এম এম আৰু জি এন এম নাৰ্ছ, মানসিক ৰোগ বিভাগৰ মনোৰোগ বিশেষজ্ঞাসকল-বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে দুপৰীয়া ১২ বজাত জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁও আৰু মানসিক ৰোগ বিভাগৰ যৌথ উদ্যোগত ড° এ পি জে আব্দুল কালাম একাডেমি ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

উক্ত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা মনিকা মিছঙে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজৰ সন্মুখত মানসিক ৰোগীসকলক উদ্দেশ্যি এক সাৱলীল ব্যাখ্যা আগবঢ়ায়। সজাগতা সভাখনিত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱীকা মণিমালা বৰাই সমাজত মানসিক ৰোগীসকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি মানসিক ৰোগীসকলৰ বিভিন্ন দিশসমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ নৈদানিক মনোবিজ্ঞানী গীতামণি বৰুৱাই বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভুগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ'লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মতপ্ৰকাশ কৰি তেওঁ এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকি মানসিক ৰোগীসকলৰ আইনী উৎকৰ্ষ সাধন সম্পৰ্কত এক সাৱলীল ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ ডেপুটি লিগেল ডিফেঞ্চ কাউন্সিলৰ বুলবুলি শৰ্মাই ৷ কঠিয়াতলী তথা ৰাঙলুৰ বিশিষ্ট সমাজ সেৱক, শিক্ষাবিদ ঘনকান্ত বৰাই আতঁ ধৰা সজাগতা সভাখনিত ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ নজিবুৰ ৰহমান, ড° এ পি জে আব্দুল কালাম একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি আবু বক্ৰৰ ছিদ্দিক, বিদ্যালয়ৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন, জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ তথ্য সংগ্ৰাহক অবনিতা বৰা, জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা দ্বীপেন শইকীয়া, ৰিয়াজুল হুছেইনকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে ।

নগাঁৱত "বিশ্ব মানসিক স্বাস্থ্য দিৱস" উদযাপন
ইজৰাইলৰ কাষত থিয় দিব ভাৰত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in