ইজৰাইলৰ কাষত থিয় দিব ভাৰত

যুদ্ধৱস্থাত থকা ইজৰাইলক ভাৰতবাসীয়ে সমৰ্থন কৰিব বুলি মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

author-image
Asomiya Pratidin
New Update
ইজৰাইলৰ কাষত থিয় দিব ভাৰত

ডিজিটেল ডেস্কঃ বেয়া সময়ত ইজৰাইলৰ কাষত থিয় দিব ভাৰতে। যুদ্ধৱস্থাত থকা ইজৰাইলক ভাৰতবাসীয়ে সমৰ্থন কৰিব বুলি মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সামাজিক মাধ্যম টুইটাৰত এই কথা সদৰী প্ৰধানমন্ত্ৰীগৰাকীৰ।

Advertisment

উল্লেখ্য যে, মঙলবাৰে টুইট প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে- ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেটানয়াহুৱে দেশখনৰ বৰ্তমানৰ স্থিতি কথা ফোনযোগে তেওঁক ব্যক্ত কৰে। তেওঁৰ ফোনকলৰ প্ৰতি সঁহাৰি জনাই মোডীয়ে ইজৰাইলৰ সৈতে ভাৰতে থিয় দিব বুলি আশ্বাস প্ৰদান কৰিছে।

Also Read: মৰ্মান্তিক ! নিজৰ বন্দুকৰ গুলী লাগি নিহত CRPF জোৱান

narendra modi